অসম

assam

ETV Bharat / entertainment

ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ, অনুৰাগীক সতৰ্ক হ’বলৈ আহ্বান

MC Stan Youtube Hacked: ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ । এম চি ষ্টেনে অনুৰাগীক সাৱধান হ’বলৈ সতৰ্কবাণী প্ৰদান কৰে ।

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 2:27 PM IST

Bigg Boss 16 Winner MC Stan's YouTube Account gets Hacked
ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ

চিটাৰা ডেস্ক, ১২ মাৰ্চ: বিগ বছ ১৬ বিজয়ী তথা ৰেপাৰ এম চি ষ্টেনৰ দেশজুৰি অনুৰাগী আছে । ইফালে এম চি ষ্টেনেও অনুৰাগীৰ সৈতে যোগাযোগত থকাৰ চেষ্টা কৰে । শেহতীয়াকৈ খবৰ আহিছে যে এম চি ষ্টেনৰ ইউটিউব একাউণ্ট হেক কৰা হৈছে । ৰেপাৰজনে এই বিষয়ে ইনষ্টাগ্ৰামত নিজৰ অনুৰাগীসকলক অৱগত কৰে, যাতে তেওঁ অনুৰাগীসকলক সতৰ্ক কৰিব পাৰে ।

হেক হ’ল এম চি ষ্টেনৰ একাউণ্ট

এম চি ষ্টেনে Insta Story ত লিখিছে, ‘‘অনুৰাগীসকল, কোনোবাই মোৰ ইউটিউব একাউণ্টটো হেক কৰিছে আৰু মই নাজানো কি হৈছে । কিছু ধৈৰ্য ধৰক ।’’ ইয়াৰ পিচত এম চি ষ্টেনে আন এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ ইউটিউব ভিডিঅ’ত QR ক’ড দেখুওৱা হৈছে । এম চি ষ্টেনে লিখিছে- QR ক’ড স্কেন নকৰিব আৰু কোনো লিংকত ক্লিক নকৰিব । যিকোনো বস্তুৱেই স্কেম হ’ব পাৰে । কোনো লিংকত ক্লিক নকৰিব ।’’

ইউটিউব একাউণ্ট হেক হ’ল এম চি ষ্টেনৰ

এম চি ষ্টেনৰ কথা ক’বলৈ গ’লে তেওঁ ইউটিউব আৰু ইনষ্টাগ্ৰামত সক্ৰিয় । ইনষ্টাগ্ৰামত তেওঁৰ ১ কোটি ১০ লাখ ফ’ল’ৱাৰ আছে । বিগ বছ ১৬ তো তেওঁ অনুৰাগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছিল । অনুৰাগীয়ে তেওঁক প্ৰচুৰ পৰিমাণে ভোট দিছিল । যাৰ বাবে বিজয়ী হ’বলৈ সক্ষম হয় ৷

এম চি ষ্টেন কোন ?

এম চি ষ্টেনৰ প্ৰকৃত নাম আলতাফ শ্বেইখ । ‘বস্তি কা হস্তি’ ট্ৰেকটোৰ পৰাই তেওঁ নাম-খ্যাতি লাভ কৰিছিল । অনুৰাগীয়ে এম চি ষ্টেনৰ গীত বহুত ভাল পায় । এম চি ষ্টেন বিলাসী জীৱনশৈলীৰ বাবেও পৰিচিত । আনকি বিগ বছ ১৬ তো তেওঁক নিজৰ গহনা আৰু বিলাসী জোতা প্ৰদৰ্শন কৰা দেখা গৈছিল । এম চি ষ্টেনৰ স্বাভাৱিক ব্যক্তিত্ব বিগ বছত দেখা গৈছিল, যিটো অনুৰাগীয়ে অতিশয় ভাল পাইছিল । শ্ব’টোত জয়ী হোৱাৰ পিচত ছলমান খানৰ সৈতেও ফটো ক্লিক কৰি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ৷

অৱশ্যে এম চি ষ্টেনে নিজৰ ব্যক্তিগত জীৱনটো ব্যক্তিগতভাৱে ৰাখি ভাল পায় । ইয়াৰ উপৰিও ৰাজহুৱা সমাৱেশ আৰু সংবাদ মাধ্যমৰ আদান-প্ৰদানত তেওঁক খুব কমেইহে দেখা যায় ।

লগতে পঢ়ক:মাত্ৰ তিনিদিনতে ব্যয় কৰা ধন আদায় কৰিলে অজয় দেৱগনৰ চয়তানে

ABOUT THE AUTHOR

...view details