গুৱাহাটী, 29 জুলাই :পূৰ্ণ্যোদ্যমে উজনিৰ পৰা নামনিলৈ চলিছে এতিয়া 2024-25 ৰ নাট্যবর্ষৰ প্ৰস্তুতি । বহুকেইখন ব্যতিক্ৰমী নাটেৰে চলিত নাট্যবর্ষৰ বাবে সাজু হৈছে প্ৰতিটো নাট্যগোষ্ঠী । ৰাজ্যৰ প্ৰতিটো আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ লগতে এইবাৰ নতুনকৈ ভ্ৰাম্যমাণ জগতত সংযোজন ঘটা কেইবাটাও নাট্যগোষ্ঠীৰো ইতিমধ্যে আৰম্ভ হৈছে আখৰা । মুক্তি দিয়া হৈছে কেইবাটাও নাট্যগোষ্ঠীৰ গীত আৰু প্ৰ’ম’ । নাটকৰ আখৰাত ব্যস্ত এতিয়া যতীন বৰা, মৃদুল ভূঞা, প্ৰস্তুতি পৰাশকে আৰম্ভ কৰি নৱ-প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচনলৈকে সকলো ।
কোনটো ভ্ৰাম্যমাণ নাট্যগোষ্ঠীত কি কি নাটক উপভোগ কৰিব পাৰিব ?
হেঙুল থিয়েটাৰ
বিগত 36 বছৰে অসমৰ ভ্রাম্যমাণ জগতত দপদপাই থকা হেঙুল গোষ্ঠী সাজু হৈছে 37 সংখ্যক নাট্যবৰ্ষৰ বাবে । হেঙুলৰ এইবাৰৰ তিনিখন নাটকৰ ভিতৰত আছে প্ৰণৱ ভৰালীৰ নাটক "মছজিদ ৰোড নামঘৰ পথ", নাট্যকাৰ প্ৰণৱ বৰুৱাৰ "চিলনী" আৰু অভিজিৎ ভট্টাচাৰ্যৰ "বিড়ি" ৷ এদল নৱ-প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰে মৰিয়নীত চলি আছে নাট্যগোষ্ঠীটোৰ আখৰা । ইফালে সুদীৰ্ঘ 6 টা বছৰৰ অপেক্ষাৰ অন্তত 2024-25 নাট্যবৰ্ষত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা যতীন বৰাক ।
ইতিহাস থিয়েটাৰ
ইতিহাস থিয়েটাৰৰ এইবাৰৰ নাট তিনিখন হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "জুয়ে পোৰা মানুহ", "মহাৰাজ" আৰু "মহাবীৰ লাচিত" । মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মিৰ্জাত চলি আছে নাটকৰ আখৰা ।
আৱাহন থিয়েটাৰ
ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ নেতৃত্বত সাজু হৈ উঠিছে আৱাহন গোষ্ঠী । বিগত কেইবা বৰ্ষ ধৰি নিজৰ অভিনয়শৈলী তথা ব্যতিক্ৰমধৰ্মী নাটেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা নাট্যগোষ্ঠীটো এই বৰ্ষও তিনিখন নাটেৰে সাজু হৈছে । এই বৰ্ষৰ নাট তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ "মইনা কুশলে আছনে", "মেদাম মেনকা", "লেডী ম্যাকবেথ"। পাঠশালাৰ পৰা নতুন নাট্যবৰ্ষ আৰম্ভ হ'বলগীয়া নাট্যগোষ্ঠীটোৰ মান্দাকাটাত চলি আছে আখৰা ।
ৰাজধানী থিয়েটাৰ
ভ্ৰাম্যমাণ থিয়েটাৰৰ ট্ৰেজেডি কিংখ্যাত মৃদুল ভূঞা এইবাৰ থাকিব নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাজধানী থিয়েটাৰত । ৰাজধানী থিয়েটাৰৰ এইবাৰৰ নাট কেইখন হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "তপস্যা" আৰু "মচি দিম সেন্দুৰ তোমাৰ", ৰাজদ্বীপৰ "বিশ্বনাথ জীয়াই আছে" । নতুন এই নাট্যদলটোৰো চলিত মাহৰ পৰা আৰম্ভ হৈছে আখৰা । মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মান্দাকাটাত চলি আছে আখৰা ।
ৰাজলক্ষ্মী থিয়েটাৰ