চিটাৰা ডেস্ক, ১২ মাৰ্চ:দক্ষিণৰ অন্যতম শীৰ্ষ পৰিচালক এটলী কুমাৰে যোৱা বছৰ শ্বাহৰুখ খানৰ সৈতে নিৰ্মাণ কৰিছিল ‘জৱান’ । এই ছবিখনে মুক্তিৰ পিচতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । দৰ্শক আৰু সমালোচক সকলোৱে ছবিখনৰ প্ৰশংসা কৰিছিল । শেহতীয়াকৈ ছবিখনে ২০২৪ চনৰ জি চিনে এৱাৰ্ডছত বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
এই সময়চোৱাত এটলীকো শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত কৰা হয় । বঁটা গ্ৰহণৰ বাবে মঞ্চত এটলী কুমাৰক আমন্ত্ৰণ জনোৱা হয় । কিন্তু এটলীয়ে মঞ্চত যোৱাৰ পূৰ্বে শ্বাহৰুখ খানৰ সৈতে এনে এটা কাম কৰিলে, যাৰ বাবে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে ।
আচলতে যেতিয়া এটলীক বঁটাৰ বাবে মঞ্চত মাতিছিল তেতিয়া তেওঁ প্ৰথমে শ্বাহৰুখ খানৰ ভৰি চুই আশীৰ্বাদ লৈছিল । ইয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটলীয়ে তেওঁৰ নাম শুনাৰ লগে লগে তেওঁৰ কাষত বহি থকা কিং খানৰ ভৰি চুই আশীৰ্বাদ ল’বলৈ চেষ্টা কৰে ।
ইফালে এটলীৰ এনে কাম দেখি কিং খানে এটলীক সাৱটি ধৰে । ইয়াৰ পিচত এটলীয়ে বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ যায় । ইফালে অনুৰাগীয়েও ভাল পাইছে কিং খান আৰু এটলীৰ মাজৰ এনে মৰমৰ সম্পৰ্ক ।