গুৱাহাটী :শীঘ্ৰে ৰীলড্ৰামাত উপলব্ধ হ’ব ৱেব ছিৰিজ ‘নেউল’ ৰ দ্বিতীয়টো সংস্কৰণ । ৮ টা খণ্ডযুক্ত এই ৱেব ছিৰিজখনৰ শেহতীয়াকৈ প’ষ্টাৰৰ লগতে টিজাৰ মুকলি কৰি এই কথা জনাইছে নিৰ্মাতাগোষ্ঠীয়ে । অহা ১৫ নৱেম্বৰৰ পৰাই অ' টি টি প্লেটফৰ্ম ৰীলড্ৰামাত ৱেব ছিৰিজখন উপলব্ধ হ’ব । ৱেব ছিৰিজখনৰ দ্বিতীয়টো সংস্কৰণ সন্দৰ্ভত ই টিভি ভাৰতৰ আগত পৰিচালক চাংকু নিৰঞ্জন নাথে জনালে ভালেখিনি খবৰ ।
‘নেউল’ ৰ দ্বিতীয় ছিজনত দৰ্শকে কি পাব ?
“নেউল হ’ল এখন থ্ৰীলাৰধৰ্মী ৱেব ছিৰিজ । অসমত বিগত তিনিটা দশকত ঘটি যোৱা বিভিন্ন ঘটনাৱলীৰ আলমত প্ৰস্তুত কৰি উলিওৱা হৈছে এই ৱেব ছিৰিজখন । ৱেব ছিৰিজখনৰ প্ৰথম ছিজনটোৰ দৃশ্যগ্ৰহণ অসমৰ বিভিন্ন ঠাইত কৰা হৈছিল, কিন্ত দ্বিতীয় ছিজনৰ কিছু কিছু দৃশ্যৰ শ্বুটিং নাগালেণ্ডত কৰা হৈছে । প্ৰথম ছিজনটো যদি আপোনালোকে চাইছে তেন্তে গম পাব যে নায়কৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো বিভিন্ন ঘটনাৰ পাকচক্ৰত সোমাই সোমাই গৈ থাকে আৰু শেষত গৈ তেওঁ নাগালেণ্ড পায়গৈ আৰু সেইখিনিতে প্ৰথম ছিজনটোৰ অন্ত পৰে । এতিয়া দ্বিতীয় ছিজনটোত নাগালেণ্ডত সেই চৰিত্ৰটোৰ কি দশা হ’ল, কেনেকুৱা পাকচক্ৰৰ মাজেৰে তেওঁৰ জীৱন গাড়ী আগবাঢ়িল আৰু পাছত চৰিত্ৰটো পুনৰ কেনেদৰে আগৰ ঠাইলৈ উভতি আহে সেইটো দেওখুৱা হৈছে ।” চাংকু নিৰঞ্জন নাথে ক'লে ৷