পাঠশালা, 7 ছেপ্টেম্বৰ :ভ্ৰাম্যমাণ থিয়েটাৰে যেন ভাল দিন ঘূৰাই আনিছে অভিনেতা যতীন বৰাৰ । ৰাজনৈতিক চাকনৈয়াত ৰাইজৰ হেৰুৱা মৰম যেন ঘূৰাই পাইছে অভিনেতা যতীন বৰাই ৷ সামাজিক-ৰাজনৈতিক কাৰণত অসমৰ ৰাইজে যতীন বৰাৰ শেহতীয়া ছবি 'ৰাঘৱ’ চোৱাৰ পৰা একপ্ৰকাৰ বিৰত আছিল ৷ কা আন্দোলনৰ সময়ৰ পৰা নিজৰ ৰাজনৈতিক স্থিতিৰ বাবে অসমৰ জনতাৰ ক্ষোভৰ সন্মুখীন হৈ আহিছিল যতীন বৰা । যাৰ ফল ভুগিবলগীয়া হৈছিল তেওঁ নিজৰ 'ৰাঘৱ’ স্ক্ৰীণিঙৰ সময়ত ৷ দৰ্শকৰ পৰা লাভ কৰা নাছিল আশা কৰাৰ দৰে সঁহাৰি ৷
যতীন বৰা অসমৰ মঞ্চ আৰু ৰূপালী পৰ্দা দুয়োটা মাধ্যমতে এগৰাকী সমাদৃত সফল অভিনেতা ৷ ‘ৰাঘৱ’ ছবিৰ বিফলতাৰ পাছত এইবাৰ 2024-25 বৰ্ষত যতীন বৰা উভতি আহিছে ইতিহাস থিয়েটাৰৰ যোগেদি থিয়েটাৰৰ মঞ্চলৈ ৷ এতিয়া ভ্ৰাম্যমাণৰ মঞ্চত যতীন বৰা অভিনীত নাটক ‘মহাৰাজ’ চাবলৈ নাট্যপ্ৰেমীৰ হেতাওপৰা লাগিছে ৷ এতিয়া নামনি অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ হৈ আছে যতীন বৰা অভিনীত ইতিহাসৰ নাটকসমূহ ৷
চাৰ্কাছ নে ভ্ৰাম্যমাণ বিতৰ্ক ?
এই সন্দৰ্ভত মুখ খুলিছে যতীন বৰাই ৷ সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকসমূহ চাৰ্কাছলৈ পৰিণত হৈছে । এইবাৰ ভ্ৰাম্যমাণৰ নাট্যবৰ্ষৰ আৰম্ভণিতেই এই বিতৰ্কত সোমাই পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ । মাত্ৰ কেইদিনমান আগতে যতীন বৰাই দৰ্শকৰ মাজেৰে মটৰ চাইকেল চলাই চমক দিবলৈ যাওতে মটৰ চাইকেলসহ দৰ্শকৰ মাজত সৰি পৰিছিল । একেদৰে আন এখন থিয়েটাৰত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাও খহি পৰিছিল দৰ্শকৰ মাজত । প্ৰস্তুতি পৰাশৰ অভিনীত নাটকত আতচবাজীত আহত হ’বলগীয়া হৈছিল দৰ্শক ৷ তাৰ পাছতেই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটে—“এয়া ভ্ৰাম্যমাণ নে চাৰ্কাছ ?”