অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / entertainment

কেনভাছত কেটেপা মাৰি জুবিনৰ ছবি আঁকিলে অনুৰাগীয়ে - Zubeen Garg Portrait by Dipu Bora

Zubeen Garg fan artist Dipu Bora: জুবিন গাৰ্গলৈ অনুৰাগীৰ মৰম ৷ কেটেপা মাৰি মাৰি জুবিন গাৰ্গৰ ছবি অংকন কৰিলে ডিব্ৰুগড় খোৱাঙৰ দীপু বৰা নামৰ চিত্ৰশিল্পীজনে ৷

dibrugarh boy draws a portrait of zubeen garg in unique way to show love
জুবিনৰ ছবি আঁকিলে অনুৰাগীয়ে (ETV Bharat Assam)

ডিব্ৰুগড়, 3 অক্টোবৰ : ছবিগৃহত চলি আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ছবি ‘চিকাৰ’ । চিকাৰত এগৰাকী চাহ জনগোষ্ঠীয় যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে । হাতত কেটেপা লৈ চিকাৰ ছবিত অভিনয় কৰা জুবিন গাৰ্গৰ অভিনয়ে মুগ্ধ কৰিছে দৰ্শকক । এই ছবিখনত জুবিনে কেটেপা মৰা দৃশ্য দেখিয়েই এজন অনুৰাগীৰ মনলৈ আহিল এটি আচৰিত চিন্তা ৷ কেটেপা মাৰি জুবিনৰ ছবি অঁকাৰ কথা মনলৈ আহিল তেওঁৰ ৷

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ দীপু বৰা নামৰ চিত্ৰশিল্পীজনে এইদৰে অংকন কৰিলে জুবিনৰ ছবি ৷ জুবিন গাৰ্গৰ চিকাৰ ছবিখন চলি থকাৰ সময়তে জুবিন গাৰ্গলৈ এইদৰে অনুৰাগীজনে মৰমৰ বাৰ্তা প্ৰেৰণ কৰে । কেটেপা মাৰি জুবিন গাৰ্গৰ এখন ফটো অংকন কৰিবলৈ সক্ষম হ’ল ব্যতিক্ৰমী চিত্ৰশিল্পী দীপু বৰা । ইয়াৰ পূৰ্বেও বহুকেইখন ছবি ব্যতিক্ৰমী ৰূপত অংকন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ । ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ কুশল চন্দ্ৰ বৰা আৰু অমিয়া বৰাৰ পুত্ৰ দীপু বৰা অসাধাৰণ প্ৰতিভাসম্পন্ন এজন যুৱক ৷

চিত্ৰশিল্পীজনৰ ভাষ্য (ETV Bharat Assam)

জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰকাশ কৰিবলৈ নিজৰ হাত বান্ধি ৰচীৰে ওপৰৰ পৰা ওলমি ভৰিৰে আঁকিছিল জুবিন গাৰ্গৰ এখন বৃহৎ প্ৰতিচ্ছবি । ইয়াৰ উপৰিও 2017 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুবিশাল কেনভাছ এখন খেলপথাৰত অংকন কৰি সাতটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷ ইয়াৰ পাছতে দীপু বৰাক লণ্ডনৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্ছিটীয়ে ডক্টৰেট ডিগ্ৰীৰ সন্মান প্ৰদান কৰিছিল । বৰ্তমান যোৰহাট দেৱী চৰণ বৰুৱা মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত দীপু বৰাক এটা অনুষ্ঠানে Best Artist of the year 2024 প্ৰদান কৰিব ।

কেটেপা মাৰি জুবিন গাৰ্গৰ ছবি অংকন কৰা দীপু বৰাই কয়, “সৰুৰে পৰা মই ছবি আঁকি ভাল পাওঁ । জুবিন গাৰ্গৰ সৃষ্টিয়ে সকলোকে আপ্লুত কৰে । জুবিন গাৰ্গৰ চিকাৰ ছবিৰ অভিনয় চাই ভাল লাগিল । ছবিখনত জুবিন গাৰ্গে কেটেপা মাৰি শত্ৰুক আক্ৰমণ কৰিছিল । সেই কেটেপা যে সৃষ্টিৰ কাৰক হ'ব পাৰে এইদৰে ছবিখন আঁকিবলৈ চেষ্টা কৰিলো ।” অন্ধ ছাত্ৰ- ছাত্ৰীৰ জীৱনক লৈ এখন চুটি ছবি নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিলে চিত্ৰশিল্পী দীপু বৰাই ৷

লগতে পঢ়ক :তেওঁৰ শাৰীৰিক গঠন কিছু সুকীয়া, সেইবাবেই অনাদৃত হৈ আছিল সমাজত - Actor Debasish Bhuyan

ABOUT THE AUTHOR

...view details