হায়দৰাবাদ: এ আৰ ৰহমান আৰু তেওঁৰ বেছ গীটাৰিষ্ট মোহিনী দে'ৰ হঠাৎ হোৱা বিবাহ বিচ্ছেদক লৈ ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে, একাংশ অনুৰাগী আৰু সংবাদ মাধ্যমে এই দুয়োটা ঘটনাক সংযোগ কৰাৰ চেষ্টা কৰিছে ।
কিংবদন্তী সুৰকাৰগৰাকী আৰু তেওঁৰ পত্নী ছাইৰা বানুৱে বিবাহৰ ২৯ বছৰৰ পিছত চলিত সপ্তাহৰ আৰম্ভণিতে বিচ্ছেদৰ কথা ঘোষণা কৰে আৰু এই বিচ্ছেদৰ কাৰণ আৱেগিক টান বুলি উল্লেখ কৰে । কাকতলীয়াভাৱে বছৰ বছৰ ধৰি ৰহমানৰ সৈতে কাম কৰা বেছ গীটাৰিষ্ট মোহিনী দে'ইও একেদিনাই নিজৰ বিবাহ বিচ্ছেদৰ খবৰ শ্বেয়াৰ কৰে ।
এই দুই বিবাহ বিচ্ছেদৰ বিষয়ে চলি থকা উৰাবাতৰি আৰু প্ৰশ্নৰ সন্দৰ্ভত মোহিনী দে'ই ইনষ্টাগ্ৰামত পোনপটীয়াকৈ নেটিজেনক সম্বোধন কৰে । তেওঁ স্পষ্ট কৰে যে দুয়োটা বিচ্ছেদ কাকতালীয় আছিল ৷ ঘূৰি থকা উৰাবাতৰিৰ প্ৰতি হতাশাও প্ৰকাশ কৰে তেওঁ । “মই সাক্ষাৎকাৰৰ বাবে যথেষ্ট পৰিমাণৰ অনুৰোধ পাই আছো আৰু মই সঠিকভাৱে জানো যে ইয়াৰ বিষয় কি, মই সন্মান সহকাৰে প্ৰত্যেকটো নাকচ কৰিছো কিয়নো মই উৰাবাতৰিত ইন্ধন যোগাবলৈ আগ্ৰহী নহয় । মই বিশ্বাস কৰো যে মোৰ শক্তি উৰাবাতৰিৰ ওপৰত খৰচ কৰাৰ যোগ্য নহয় । অনুগ্ৰহ কৰি, মোৰ গোপনীয়তাক সন্মান কৰক,” এইদৰে এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী দিয়ে তেওঁ ।
এ আৰ ৰহমানৰ পুত্ৰ আমিনে তেওঁৰ পিতৃ-মাতৃৰ বিচ্ছেদক মোহিনীৰ বিচ্ছেদৰ সৈতে সম্পৰ্ক কৰা 'ভিত্তিহীন' উৰাবাতৰিক গৰিহণা দিয়াৰ কেইঘণ্টামান পিছতে মোহিনীয়ে এই পোষ্ট কৰে । “মিছা আৰু ভিত্তিহীন উৰাবাতৰি বিয়পি পৰাটো হতাশাজনক,” আমিনে তেওঁৰ দেউতাকৰ মূল্যবোধ আৰু উত্তৰাধিকাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় ।