চেন্নাই:অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমান আৰু পত্নী ছাইৰা বানুৰ বিবাহৰ ২৯ বছৰৰ পিছত বিচ্ছেদ ঘটিছে বুলি মঙলবাৰে তেওঁলোকৰ অধিবক্তাই প্ৰকাশ কৰে । দম্পতীটোৰ খদিজা, ৰহিমা, আমিন নামৰ তিনিটা সন্তান আছে ।
দম্পতীটোৰ হৈ এক বিবৃতিত, বিশিষ্ট বিবাহ বিচ্ছেদ অধিবক্তা বন্দনা শ্বাহে কয় যে তেওঁলোকে তেওঁলোকৰ সম্পৰ্কত মাত্ৰাধিক আৱেগিক চাপৰ সন্মুখীন হোৱাৰ পিছত পৃথক হোৱাৰ সিদ্ধান্ত লয় ।
“বিবাহৰ বহু বছৰৰ পিছত, ছাইৰাই তেওঁৰ স্বামী এ আৰ ৰহমানৰ পৰা পৃথক হোৱাৰ কঠিন সিদ্ধান্ত লৈছে । এই সিদ্ধান্তটো তেওঁলোকৰ সম্পৰ্কত দেখা দিয়া মাত্ৰাধিক আৱেগিক চাপৰ বাবেই ল’বলৈ ওলাইছে । ইজনৰ সিজনৰ প্ৰতি গভীৰ প্ৰেম থকা স্বত্বেও, দম্পতীটোৱে দেখিছে যে উত্তেজনা আৰু অসুবিধাই তেওঁলোকৰ মাজত এক দুৰ্লভ ব্যৱধান সৃষ্টি কৰিছে, যিটো এই সময়ত কোনো পক্ষই দূৰ কৰিবলৈ সক্ষম হ’ব বুলি অনুভৱ নকৰে,” অধিবক্তাই এইদৰে কয় ।
বিবৃতিটোত আৰু কোৱা হৈছে যে ছাইৰাই জোৰ দি কৈছে যে তেওঁ এই সিদ্ধান্তটো বেদনা আৰু যন্ত্ৰণাৰ বলি হৈ লৈছে । জীৱনৰ এই কঠিন অধ্যায়টোৰ সৈতে মুখামুখি হোৱাৰ সময়ত ছাইৰাই ৰাইজৰ পৰা গোপনীয়তা আৰু বুজাবুজিৰ আশা কৰিছে বুলি ইয়াত উল্লেখ আছে ।