চিটাৰা ডেস্ক, 9 জুলাই: তাৰকা দম্পতী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ ধৰ্মীয় আস্থাৰ বাবে পুনৰ লাইমলাইটলৈ আহিছে ৷ বিৰাট আৰু অনুষ্কা এতিয়া লণ্ডনত ৷ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পাচত বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মা আৰু সন্তানৰ সৈতে থাকিবলৈ খৰখেদাকৈ লণ্ডনলৈ ৰাওনা হয় ৷ ইয়াৰ পিচত এতিয়া লণ্ডনৰ পৰা এটা ভিডিঅ’ ওলাইছে ৷ এই ভিডিঅ'টোত বিৰাট আৰু অনুষ্কাক কীৰ্তনত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ৷
লণ্ডনৰ পৰা কীৰ্তনত অংশগ্ৰহণ কৰা বিৰাট আৰু অনুষ্কাৰ ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোত বিৰাট আৰু অনুষ্কাক অতি কেজুৱেল লুকত দেখা গৈছে । বিৰাটে বেইজ ৰঙৰ পেণ্টৰ লগত ক’লা টি-চাৰ্ট পৰিধান কৰে আৰু অনুষ্কা শৰ্মাক ক্ৰীম ৰঙৰ চুট পিন্ধি থকা দেখা গৈছে । অনুষ্কা শৰ্মা আৰু বিৰাটৰ সন্তানো তেওঁলোকৰ লগত আছে । ভিডিঅ’ দেখিবলৈ পোৱা গৈছে যে এয়া এক কৃষ্ণ দাসৰ কীৰ্তন আৰু এই কীৰ্তনত বিৰাট-অনুষ্কাই গৈ বেঞ্চ এখনত বহি থকা দেখা গৈছে ।