চিটাৰা ডেস্ক, 21 ফেব্ৰুৱাৰী: ‘ৰেডিঅ’ কিং’ আমিন ছয়ানীৰ দেহাৱসান । শব্দৰ জগতৰ সৃষ্টিকৰ্তা হিচাপে পৰিচিত আমিন ছয়ানীয়ে ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল । ৰেডিঅ'ৰ জগতখন চিনি পোৱা সকলে জানে আমিন ছয়ানী কোন আছিল । ৰেডিঅ’ শ্ৰোতাই এতিয়াও পাহৰা নাই ‘বিনাকা গীতমালা’ৰ ঘোষকক, যিজনে পূৰ্বে অতি উজ্জ্বল আৰু সুৰীয়া ৰূপত ‘ভাইয়ো ঔৰ বেহেনো’ বুলি কৈছিল । আজি তেওঁ পৃথিৱীৰ পৰা বিদায় মাগিছে, তেওঁৰ মৃত্যুৰ খবৰে ইতিমধ্যে সকলো মৰ্মাহিত কৰিছে ৷
১৯৩২ চনৰ ২১ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰা কিংবদন্তী ৰেডিঅ’ ঘোষক আমিন ছয়ানীয়ে ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । তথ্য অনুসৰি হাৰ্ট এটেকৰ ফলত তেওঁৰ মৃত্যু হয় । তেওঁৰ পুত্ৰ ৰাজিল ছয়ানীয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে ।
২০ ফেব্ৰুৱাৰীৰ সন্ধিয়া মৃত্যু হয়
আমিন ছয়ানীৰ মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগীৰ মাজত শোকৰ ঢৌৰ সৃষ্টি কৰিছে । আমিন ছয়ানীৰ পুত্ৰ ৰাজিল ছয়ানীয়ে পিতৃৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে ।
তেওঁ জনোৱা মতে, মঙলবাৰে (২০ ফেব্ৰুৱাৰী) তেওঁৰ পিতৃ দক্ষিণ মুম্বাইৰ ঘৰত হাৰ্ট এটেকত আক্ৰান্ত হয়, তাৰ পিছত লগে লগে তেওঁক ওচৰৰ এইচ.এন. ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাললৈ লৈ যায় । চিকিৎসকে তেওঁক বচাবলৈ সকলো চেষ্টা কৰিছিল যদি অৱশেষত চিকিৎসাৰ অন্তত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
দীৰ্ঘদিন ধৰি অসুস্থ আছিল ছয়ানী