হায়দৰাবাদ :'পুষ্পা ২: দ্য ৰুল'ৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়ত এগৰাকী মহিলা নিহত হোৱাৰ লগতে তেওঁৰ পুত্ৰ সন্তানটি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে ৷ মহিলাগৰাকীৰ মৃত্যুৰ দুদিন পিছত দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । শুকুৰবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত পুষ্পাৰাজে কয় যে তেওঁ ঘটনাটোত গভীৰভাৱে দুঃখিত ৷ ভুক্তভোগীৰ পৰিয়াললৈ তেওঁ ২৫ লাখ টকাৰ সাহায্যও ঘোষণা কৰে । কেৱল এয়াই নহয়, তেওঁ ভুক্তভোগীৰ পৰিয়ালক ব্যক্তিগতভাৱে লগ কৰাৰ কথাও কৈছে ।
6 ডিচেম্বৰত আল্লু অৰ্জুনে এটা ভিডিঅ' তেওঁৰ অফিচিয়েল এক্স একাউণ্টত পোষ্ট কৰে । এই ভিডিঅ'টোত, ছুপাৰষ্টাৰে তেলুগু ভাষাত তেওঁৰ অনুভৱ প্ৰকাশ কৰিছে । “সন্ধ্যা থিয়েটাৰত সংঘটিত শোকাৱহ ঘটনাটোত মই গভীৰভাৱে দুঃখিত । এই কঠিন সময়ত, মই ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।”
আল্লু অৰ্জুনে আৰু কৈছে, “মই ক্ষতি পূৰণ কৰিব নোৱাৰো, কিন্তু মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে এই যন্ত্ৰণাত তেওঁলোক অকলশৰীয়া নহয় । মই আৱেগিকভাৱে তেওঁলোকৰ লগত আছো । মই তেওঁলোকক যিমান পাৰো সহায় কৰিম আৰু ব্যক্তিগতভাৱে ভুক্তভোগীৰ পৰিয়ালক লগ কৰিম । এই কঠিন সময়ছোৱাত তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ মই সকলো ধৰণৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
ভিডিঅ’টোত তেওঁ কয় যে এই ঘটনাত সমগ্ৰ চলচ্চিত্ৰ দলটো স্তম্ভিত হৈ পৰিছে । পৰিয়ালটোক তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ ২৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে ৷ তেওঁ কয় যে তেওঁলোকে ছবি নিৰ্মাণ কৰে যাতে মানুহে ছবিগৃহলৈ গৈ উপভোগ কৰিব পাৰে ৷ মানুহক সাৱধান হ’বলৈ আহ্বান জনাই অভিনেতাগৰাকীয়ে । উল্লেখ্য যে হায়দৰাবাদ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিনেতা আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু সন্ধ্যা থিয়েটাৰৰ পৰিচালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক :পুষ্পা-2 ৰ প্ৰিমিয়াৰৰ সময়তে কৰুণ ঘটনা; ভুক্তভোগীৰ কাষত আল্লু অৰ্জুনৰ লগতে টীম-পুষ্পা 2