চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: অভিনেত্ৰী আলিয়া ভাটৰ ছবিৰ বাবে প্ৰায়ে অনুৰাগীয়ে অপেক্ষা কৰে ৷ এতিয়া অভিনেত্ৰীগৰাকীক আগন্তুক সময়ত বাস্তৱ ঘটনাৰ আধাৰত নিৰ্মিত ‘পোচাৰ’ ৱেব ছিৰিজত দেখা যাব ৷ বাস্তৱ ঘটনাৰ আধাৰত আলিয়া ভাটে লৈ আহিছে এক তদন্তমূলক অপৰাধৰ ধাৰাবাহিক, য’ত বাস্তৱ পৰিঘটনা দেখুওৱা হ’ব । ‘পোচাৰ’ ৱেব ছিৰিজৰ কাহিনী ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ হাতীদাঁত চোৰাংচিকাৰী দলৰ ওপৰত আধাৰিত ।
আজি পোচাৰৰ প্ৰথম লুক ভিডিঅ’ মুকলি হৈছে ৷ 'পোচাৰ'ৰ প্ৰথম লুকত আলিয়া ভাটক এখন হাবিত থিয় হৈ কাহিনী বৰ্ণনা কৰা দেখা যায় । উল্লেখ্য যে, এই ধাৰাবাহিকখনত আলিয়া ভাটে কেৱল অভিনয় কৰাই নহয়, ধাৰাবাহিকখনৰ সৈতে আলিয়া ভাট এগৰাকী কাৰ্যবাহী প্ৰযোজক হিচাপেও জড়িত ।
‘পোচাৰ’ বাস্তৱ পৰিঘটনাৰ ওপৰত আধাৰিত !
‘পোচাৰ’ৰ প্ৰথম লুকৰ ১২০ ছেকেণ্ডৰ ভিডিঅ’টো আৰম্ভ হয় এখন অৰণ্যৰ পৰা, য’ত আলিয়া ভাটৰ সৈতে কেইবাজনো বন বিষয়াক দেখা যায় । তাৰ পিচত আলিয়া ভাটৰ মুখত চিন্তা স্পষ্টকৈ দেখা যায় আৰু পটভূমিৰ পৰা অভিনেত্ৰীগৰাকীৰ কণ্ঠস্বৰ শুনা যায় ৷
অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘অশোকৰ হত্যাকাণ্ডৰ খবৰ আজি পুৱা ৯ বজাত আহিছে । চলিত মাহৰ তৃতীয়টো ঘটনা । তাৰ শৰীৰটো নিৰ্জীৱ আছিল...বেছি বেয়া অৱস্থাত । অশোকৰ বয়স আছিল মাত্ৰ ১০ বছৰ । অশোকে নিজৰ হত্যাকাৰীকো দেখা নাপালে । ’’