গুৱাহাটী, 23 জুন: ২০২৪-২৫ নাট্যবর্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ৷ ইতিমধ্যে বহুকেইটা নাট্যদলে আৰম্ভ কৰিছে আখৰা ৷ চলিত নাট্যবর্ষৰ নাথাকিব অভিনেত্ৰী মুনমী ফুকন ৷ আজি কিছু সময় পূৰ্বে এই ফেচবুক পোষ্ট যোগে এই কথা অৱগত কৰে অভিনেত্ৰী গৰাকীয়ে ৷ বিগত বৰ্ষ "ৰুদ্ৰাক্ষ" থিয়েটাৰত চুক্তিবদ্ধ হোৱা অভিনেত্ৰীগৰাকীৰে চুক্তিবদ্ধ অনুসৰি সম্পূৰ্ণ পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৷
এই সন্দৰ্ভত এই ফেচবুক পোষ্টযোগে অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰি কয়, ‘অসমীয়াৰ আৱেগ থলুৱা উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত মই এগৰাকী অভিনেত্ৰী হিচাপে জড়িত হ'বলৈ পাই সঁচাকৈ গৌৰৱান্বিত ৷ কিন্তু এই অনুষ্ঠানটোৰ কিছুমান কথাই অন্তৰত বাৰুকৈয়ে আঘাত দিয়ে ৷
বিগত বৰ্ষত মই নতুনকৈ আত্মপ্ৰকাশ কৰা ৰূপজ্যোতি বৰাৰ প্ৰযোজিত থিয়েটাৰ ৰুদ্ৰাক্ষত অভিনয় কৰিছিলোঁ ৷ সম্পূৰ্ণ বছৰটো দেহে-কেহে বহুখিনি কষ্ট কৰি, ঘাট-প্ৰতিঘাত নেওঁচি দৰ্শকৰ মাজলৈ গৈ নাট প্ৰদৰ্শন কৰিছিলোঁ, কিমান সফল কিমান বিফল সেয়া দৰ্শকৰ ৰাইজৰ মাজত ৷ পৰিতাপৰ কথা এইটো যে যিখিনি পাৰিশ্ৰমিকত চুক্তিবদ্ধ হৈছিলোঁ সেই পাৰিশ্ৰমিকখিনিও সম্পূৰ্ণকৈ নাপালোঁ ৷ দিম দিম বুলি আজি পৰ্যন্ত কৈ আছে প্ৰযোজকে ৷ তাৰোপৰি আগন্তুক অৰ্থাৎ ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে মোৰ সৈতে মৌখিক চুক্তি হৈছিল ৰুদ্ৰাক্ষত পুনৰবাৰ অভিনয়ৰ বাবে আৰু যিহেতু সেইখন থিয়েটাৰতে মই অভিনয় কৰি আছিলোঁ সেয়ে এই চুক্তিৰ প্ৰতি মই এগৰাকী অভিনেত্ৰী হিচাপে সঁহাৰি প্ৰদান কৰিছিলোঁ ৷ কিন্তু প্ৰযোজক ৰূপজ্যোতি বৰাৰ গুৰুত্বহীনৰ বাবে নথকাৰ সিদ্ধান্ত লৈছিলোঁ আৰু তেওঁক বহু বাৰ এই বিষয়ে অৱগত কৰিছিলোঁ ৷ তাৰ পিচতো কোনো আগধন নিদিয়াকৈ মই থকা বেনাৰ-পোষ্টাৰসমূহ বিভিন্ন আহ্বায়ক সমিতিসমূহক প্ৰেৰণ কৰা হৈছিল আৰু এতিয়া সেই সমিতিৰ লগতে স্থানীয় দৰ্শক ৰাইজে তথা মোৰ অনুৰাগীসকলে মই থাকিম বুলি মোক ফোন, মেচেজ কৰি আছে ৷’