অসম

assam

ETV Bharat / entertainment

সন্মুখত কৰৱা চৌথ, ঐশ্বৰ্য-অভিষেকে ৰাখিবনে এইবাৰ উপবাস ?

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ে এই বছৰ কৰৱা চৌথৰ উপবাস ৰাখিবনে নাই, তাকে লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছে চৰ্চা ৷

By ETV Bharat Entertainment Team

Published : 4 hours ago

Abhishek Bachchan and Aishwarya Rai to keep karwa chauth fast for each other? Users react
অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় (Photo : Etv Bharat)

চিটাৰা ডেস্ক, 16 অক্টোবৰ : বলীউডৰ তাৰকাসকলৰ মাজত কৰৱা চৌথক লৈ এক বিশেষ উন্মাদনা দেখিবলৈ পোৱা যায় । এই বছৰ কৰৱা চৌথ 20 অক্টোবৰত সকলোৱে উদযাপন কৰিব । কৰৱা চৌথ উত্তৰ ভাৰতত উদযাপন কৰা হয় আৰু এই দিনটোত পত্নীয়ে স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে কামনা কৰি উপবাস ৰাখে । কৰৱা চৌথ বলীউডৰ বিবাহিত দম্পতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় এটা উৎসৱ ।

মাত্ৰ কেইদিনমান বাকী আছে কৰৱা চৌথলৈ । এনে সময়তে বলীউডৰ তাৰকা দম্পতী অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় পুনৰ চৰ্চালৈ আহিছে । দৰাচলতে অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ বিচ্ছেদৰ বাতৰি কিছু সময় ধৰি প্ৰকাশ হৈ আহিছে । সেয়ে এনে পৰিস্থিতিত, ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনে কৰৱা চৌথত উপবাস ৰাখি উৎসৱটো উপভোগ কৰিবনে নাই তাক লৈ এতিয়া জল্পনা-কল্পনা চলি আছে ।

কৰৱা চৌথ সন্দৰ্ভত অভিষেক বচ্চনৰ পোষ্ট

2018 চনত অভিষেক বচ্চনে কৰৱা চৌথ উপলক্ষে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছিল । অভিষেকে তেওঁৰ পোষ্টত লিখিছিল, “কৰৱা চৌথ, শুভকামনা নাৰীসকল আৰু কৰ্তব্যনিষ্ঠ স্বামী, যিসকলে পত্নীৰ সৈতে ব্ৰত ৰাখিছে, মই ৰাখিছো । আপুনি সন্মত নে যে অভিষেকে এজন প্ৰকৃত স্বামীৰ চৰিত্ৰত ভালদৰে অভিনয় কৰিছে ?”

ইয়াৰ আগতে এক সাক্ষাৎকাৰত অভিষেক বচ্চনে কৈছিল, “মই কৰৱা চৌথত বিশ্বাস নকৰো, কিন্তু মোৰ পত্নীয়ে নিশ্চিতভাৱে মোৰ স্বাস্থ্যৰ বাবে কিবা কৰে, সেয়েহে তেওঁৰ সৈতে থকাটো মোৰ কৰ্তব্য, সেয়েহে মই মোৰ পত্নীৰ সৈতে খোজত খোজ মিলাই যাম ৷”

অভিষেক-ঐশ্বৰ্যৰ প্ৰথমটো কৰৱা চৌথ

2013 চনত অভিষেক আৰু ঐশ্বৰ্যই কৰৱা চৌথৰ উপবাস ৰাখিছিল, সেই সময়ত অভিষেক বচ্চনে বহিঃৰাজ্যত নিজৰ ছবি এখনৰ শ্বুটিং কৰি আছিল । আনহাতে শহুৰেকৰ ঘৰত বহি ঐশ্বৰ্য ৰায় বচ্চনে জয়া বচ্চন-অমিতাভ বচ্চনৰ সৈতে কৰৱা চৌথ উদযাপন কৰিছিল আৰু স্বামী অভিষেক তেওঁলোকৰ সৈতে স্কাইপত সংযুক্ত হৈছিল ।

সেই সময়ত অমিতাভ বচ্চনে টুইট কৰিছিল, “অভিষেক দেশৰ বাহিৰত, গতিকে ঐশ্বৰ্যই স্কাইপৰ জৰিয়তে অভিষেকক দেখি কৰৱা চৌথত ব্ৰত ভংগ কৰিলে, আমি বহুত সুখী ৷” আনহাতে, অভিষেকে লিখিছিল, “মোৰ প্ৰথম কৰৱা চৌথ, পত্নী জী, ভগৱানক ধন্যবাদ ফেচটাইমৰ বাবে ।”

এনে দিন পুনৰ ঘূৰি আহিবনে ?

এতিয়া অনুৰাগীসকল উৎসুক হৈ আছে যে এইবছৰ কৰৱা চৌথত অভিষেক আৰু ঐশ্বৰ্যই তেওঁলোকক আচৰিত কৰি তুলিব নেকি ! মানুহে ছ'চিয়েল মিডিয়াত মনৰ ভাৱ প্ৰকাশ কৰি আছে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “অভিষেক আৰু ঐশ্বৰ্য ভালদৰে মিলি আছে আৰু আমি বিচাৰো যে তেওঁলোকে তেওঁলোকৰ গোটেই জীৱনটো সুখী দম্পতী হিচাপে একেলগে কটাওক আৰু প্ৰতি বছৰে কৰৱা চৌথৰ উপবাস পালন কৰক ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “নাজানে যে তেওঁলোকে এই বছৰ কৰৱা চৌথৰ উপবাস ৰাখিব নে নাই ।” অভিষেক আৰু ঐশ্বৰ্যৰ 2007 চনত বিবাহ হৈছিল আৰু 2011 চনত তেওঁলোকৰ জীৱনলৈ আৰাধ্যা আহিছিল ।

লগতে পঢ়ক :পৃথকে উপস্থিত হৈয়ো বিয়াৰ ভিডিঅ’ত একেলগে ওলাল ঐশ্বৰ্য-অভিষেক

ABOUT THE AUTHOR

...view details