অসম

assam

চেনি খোৱাৰ অভ্যাস ভাল নে আছে ইয়াৰ বেয়া পৰিণাম ! তাকে ক’ব এই কাহিনীয়ে... - Assamese Short Film Bina Seni

By ETV Bharat Entertainment Team

Published : Aug 2, 2024, 2:20 PM IST

Short Film Bina Seni : মুক্তি পালে নতুন অসমীয়া চুটি "বিনাচেনি"। "Mind Garage" নামৰ youtube চেনেলত মুক্তি লাভ কৰে এই নতুন অসমীয়া চুটিছবিখনে ।

a new assamese Short Film Bina Seni releases with a message to society not to use anyone
নতুন অসমীয়া চুটি ছবি (Bina seni Movie Youtube)

গুৱাহাটী, 2 আগষ্ট :‘চেনি খোৱা’ প্ৰতিজন অসমীয়া যুৱ-প্ৰজন্মই জানে এই শব্দ দুটাৰ অৰ্থ ৷ কি প্ৰসংগত এই শব্দ দুটা অসমত ব্যৱহাৰ কৰা হয় সকলোৱেই জানে ৷ সাধাৰণতে কোনাবা ল’ৰা-ছোৱালীয়ে কথা পাতিলেই বন্ধুবৰ্গই চেনি খাইছ বুলি জোকাবলৈ আৰম্ভ কৰে ৷ কলেজ-ইউনিভাৰ্চিটীত এই শব্দ দুটা খুবেই ব্যৱহাৰ হয় ৷

স্কুল-কলেজ-ইউনিভাৰ্চিটীৰ পৰিৱেশ জীয়াই অহা প্ৰতিজনেই জানে বন্ধুৰ দলবোৰৰ মাজত এই শব্দৰ ব্যৱহাৰ কিদৰে হয় ৷ ক্লাচৰূমৰ কাৰোবাক যুটি বনোৱাৰ পৰা আৰম্ভ কৰি নতুনকৈ চিনাকি হোৱা ল’ৰা-ছোৱালীৰ মাজৰ মিঠা মিঠা কথা-বতৰাৰ গম লৈ আমি সকলোৱেই জোকাও চেনি খোৱা বুলি ৷

পিছে এই চেনি খোৱাৰো আছে ভাগ ভাগ ৷ কেতিয়াবা চেনি খোৱাই কাৰোবাৰ বাবে হৈ পৰেগৈ বৰবিহ ৷ দুয়োটা পক্ষৰ ফালৰে পৰা ধেমালিকৈ কথা পাতি আছে বুলি দুটা পক্ষই যেতিয়া জানে, তেতিয়া তাত মানসিক অশান্তিৰ থল নাথাকে ৷ সেইবোৰ কথা খোলাখুলি হোৱাই উচিত ৷

মৰমত দুআষাৰ কথা পাতি যিটো আনৰ দৃষ্টিত ‘চেনি খোৱা’, তেনেদৰে জানো আন এজন ব্যক্তিক ব্যৱহাৰ কৰা উচিত ? ভাল লগা কাৰোবাৰ সৈতে কথা পাতোতে মানুহ এজনে কেৱল কথাই নাপাতে, তাত নিজৰ সময়, আৱেগো নিয়োগ কৰে ৷ সেই কাৰণে অন্ততঃ সেইকণ মানৱীয় গুণ সকলোৰে থকা দৰকাৰ যে আমি যাতে কাকো নিজৰ স্বাৰ্থৰ বাবে ধ্বংস নকৰো ৷

চেনি খোৱাই প্ৰেমৰ ৰূপ লৈ সম্পৰ্ক এটা চিৰদিনীয়া হোৱাটো খুব সুন্দৰ কথা ৷ কিন্তু চেনি খোৱাৰ নামত কাৰোবাক ব্যৱহাৰ কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটাও বজাই নৰখাটো বা ৰাখিব নোৱাৰাটো কিন্তু মানি ল’ব নোৱাৰি ৷ এনেদৰে সমাজ কেতিয়াও সুন্দৰতাৰ দিশে আগনাবাঢ়ে ৷ ঠিক তেনে এটা কাহিনীৰেই এখন চুটি ছবি ‘বিনাচেনি’ ৷

লগতে পঢ়ক :মৌচুমীৰ ভাইৰেল এম এম এছে কি শিকালে মৌচুমীক ? - himanshu prasad das viral mms

"Mind Garage" ত এইবাৰ "বিনাচেনি"। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত "Mind Garage" সংযোজিত হোৱাৰে পৰা তেওঁলোকে এক ব্যতিক্ৰমী আৰু নতুন চিন্তাশৈলীৰে একোখন চুটি ছবি দৰ্শকলৈ উপহাৰ দি আহিছে । বৰ্তমানলৈ "Mind Garage" নামৰ এই YouTube চেনেলত মুক্তি লাভ কৰা প্ৰতিখন চুটি ছবিয়ে দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে ৷ খোজৰ শব্দৰ পৰা আৰম্ভ কৰি ছেফটিপিনলৈকে প্ৰত্যেকেখন চুটি ছবিৰেই কাহিনী তথা বিষয়বস্তুক দৰ্শকে হৃদয়ংগম কৰিব পাৰিছে আৰু চুটি ছবিৰ কণ্টেণ্টে যথেষ্ট প্ৰশংসা লাভ কৰিছে ।

বৃহস্পতিবাৰ অৰ্থাৎ 1 আগষ্ট তাৰিখে এই ইউটিউব চেনেলটোত মুক্তি লাভ কৰে আন এখন ব্যতিক্ৰমধৰ্মী চুটি ছবি ‘বিনাচেনি’ এ । বিনাচেনিৰ কাহিনীভাগৰ এই চেনি অৱশ্যে মিঠা সোৱাদযুক্ত অৰ্থাৎ খোৱা চেনিবিধ নহয়, এয়া হৈছে "প্ৰেমত দিয়া চেনি" । তাৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে বিনাচেনি ৷

চাহিল তালুকদাৰ আৰু তেওঁৰ টীমৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া চুটি ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাসৰ লগতে মধুস্মিতা দিহিঙীয়া, প্ৰাণ সুলিন, গৌৰৱ জ্যোতি দাস, চিৰঞ্জিত দাস, জ্যোতিস্ময় ডেকা, দিংকু জিৎ দে, হৃদয় দত্ত, নির্মালী কাশ্যপ দাস, হিমশেখৰ পাঠক, শশাঙ্ক ৰাজ নাথ, গৌতম কুমাৰ দাস, ফণীন্দ্ৰ ভট্ট আৰু ভূমিকাই ।

এই চুটি ছবিখনৰ সহ-পৰিচালকৰ দায়িত্বত আছে হিমশেখৰ পাঠক । দৃশ্যগ্ৰহণ অৰিন্দম ডেকাৰ, সংগীত কৰিছে সিদ্ধান্ত সাগৰে । উল্লেখ্য যে, চুটিছবিখন মুক্তিৰ পাচতে এতিয়া দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :মুক্তিলৈ মাজত মাথো আৰু কিছু সময়: কিন্তু ছবিখন নাচাবলৈয়ো অনুৰোধ কৰা হৈছে ! - New Assamese Film Pikhaas

ABOUT THE AUTHOR

...view details