গুৱাহাটী:৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ । ৫ ডিচেম্বৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱ ৮ ডিচেম্বৰলৈকে চলিব । বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত এখনি সংবাদমেলৰ আয়োজন কৰি মহোৎসৱৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰে মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাই ।
উক্ত সংবাদমেলত তনুশ্ৰী হাজৰিকাই কয়,"মহোৎসৱৰ অষ্টম সংস্কৰণ সফলতাৰে আয়োজন কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে জ্যোতি চিত্ৰবনত আয়োজন কৰিবলৈ ওলাইছোঁ এই মহোৎসৱ । নৱম বাৰ্ষিকৰ বাবে এই মহোৎসৱ আয়োজন কৰিবলৈ পাই আমি খুবেই উৎফুল্লিত । মহোৎসৱত মুঠ ৩০ খন ছবি প্ৰদৰ্শন কৰা হ'ব । ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট বক্তা উপস্থিত থাকিব ।"
হাজৰিকাই উল্লেখ কৰে,"লগতে এইবাৰ এই মহোৎসৱত দুখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হ'ব । পৰিচালনাক টিংমাঞ্চু দুলীয়া, নীতিন বেদ, দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীকে ধৰি প্ৰায় ৫০ ৰো অধিক বাহিৰৰ পৰিচালক, লেখক, এডিটৰ এই মহোৎসৱত উপস্থিত থাকিব । লগতে এই মহোৎসৱত ৫ টা শিতানত বঁটা প্ৰদান কৰা হ'ব । শিতানকেইটা হৈছে- শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ চুটি ছবি, শ্ৰেষ্ঠ তথ্যচিত্ৰ, শ্ৰেষ্ঠ পৰিচালক আৰু জীৱনজোৰা সাধনা বঁটা । লগতে মই দৰ্শককসকলক আহি এই মহোৎসৱখন উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ ।"