চিটাৰা ডেস্ক, 22 আগষ্ট :মূল ছবি মৰ্দানীৰ দশম বৰ্ষপূৰ্তি উপলক্ষে যশ ৰাজ ফিল্মছে (ৱাই আৰ এফ) ফ্ৰেঞ্চাইজিৰ তৃতীয় কিস্তিৰ কথা ঘোষণা কৰিছে । এগৰাকী মহিলা পুলিচৰ শক্তিশালী চিত্ৰণৰ বাবে উদযাপিত এই মাৰ্দানী ধাৰাবাহিকখনত ৰাণী মুখাৰ্জীয়ে শিৱানী শিৱাজী ৰায় নামৰ এগৰাকী পুলিচৰ চৰিত্ৰত অভিনয় কৰিছে । 2014 চনত আৰম্ভ হোৱা এই ফ্ৰেঞ্চাইজিটোৱে 2019 চনত সফল ছিকুৱেল দৰ্শকক উপহাৰ দিয়ে ৷ অপৰাধ আৰু দুৰ্নীতিৰ সন্মুখীন হোৱা এগৰাকী মহিলাক চিত্ৰিত কৰাৰ বাবে প্ৰশংসা লাভ কৰিছে মৰ্দানীৰ নিৰ্মাতাই ।
ৱাই আৰ এফে মৰ্দানীৰ দশম বর্ষপূর্তি উপলক্ষে ইনষ্টাগ্ৰামত দশকজুৰি দিয়া সমৰ্থনৰ বাবে দৰ্শকক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু পৰৱৰ্তী অধ্যায় ৰোমাঞ্চিত হ’ব বুলি ইংগিত দিয়ে । পোষ্টটোত এইদৰে লিখা আছে, "#মৰ্দানীৰ 10 বছৰ আৰু পৰৱৰ্তী অধ্যায়ে অপেক্ষা কৰি আছে । আজি feisty, daredevil cop #ShivaniShivajiRoy আৰু #Mardaani ৰ আত্মাক উদযাপন কৰা ।" মিচেছ চেটাৰ্জী বনাম নৰৱে, হিচকি আৰু ন’ ৱান কিল্ড জেচিকা আদি ছবিত দুৰ্দান্ত অভিনয়ৰ বাবে পৰিচিত মুখাৰ্জীয়ে পুনৰ শিবানী শিৱাজী ৰয়ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ।