নতুন দিল্লী:ছিংগাপুৰৰ পাছপ’ৰ্ট এতিয়া বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্টত পৰিণত হৈছে, যাৰ ফলত ১৯৩খন দেশত ভিছা অবিহনে প্ৰৱেশ কৰিব পাৰিব দেশখনৰ নাগৰিকসকলে । আনহাতে, ভাৰতীয় পাছপ’ৰ্ট এই তালিকাত ৮০ নম্বৰ স্থানত আছে ।
ইয়াৰ বিপৰীতে আটাইতকৈ দুৰ্বল হিচাপে পৰিগণিত হৈছে আফগানিস্তানৰ পাছপ’ৰ্ট ৷ দেশখনৰ নাগৰিকসকলৰ বাবে বিশ্বৰ মাত্ৰ ২৫খন দেশতহে ভিছামুক্ত প্ৰৱেশৰ সুবিধা আছে ৷ এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে হেনলি এণ্ড পাৰ্টনাৰ্ছ পাছপ’ৰ্ট ইনডেক্সৰ অধীনত, য’ত বিশ্বৰ ১৯৯খন পাছপ’ৰ্টক গন্তব্যস্থানৰ সংখ্যাৰ আধাৰত তালিকাভুক্ত কৰা হৈছে ৷ হেনলি এণ্ড পাৰ্টনাৰ্ছে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা (আই এ টি এ)ৰ পৰা এই তথ্য লৈছে ।
ৰেংকিং অনুসৰি ছিংগাপুৰৰ পিছতে আছে দক্ষিণ কোৰিয়া আৰু জাপান ৷ দুয়োখন দেশৰ নাগৰিকৰ বিশ্বৰ ২২৭খন দেশৰ ভিতৰত ১৯০খন দেশত প্ৰৱেশৰ সুবিধা আছে । ১৮৭টা গন্তব্যস্থানৰ সৈতে সাতখন দেশ স্পেইন, জাৰ্মানী, ইটালী, ফ্ৰান্স, আয়াৰলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্ক তালিকাত তৃতীয় স্থানত আছে ।