গুৱাহাটী :সোণ এবিধ মূল্যবান ধাতু ৷ মহিলাই হওক বা পুৰুষেই হওক প্ৰতিজন ব্যক্তিৰে এই ধাতুৰ প্ৰতি দুৰ্বলতা আছে ৷ পিছে আপুনি বাৰু জানেনে বিয়া বা উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যৰ উৰ্ধগামী হোৱাৰ বিষয়ে ? সোণৰ মূল্য প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্থিৰতা, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু বহুকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷
শেহতীয়াকৈ লাভ কৰা তথ্য মতে, দেশত প্ৰতিদিনে ভংগ হৈছে সোণৰ মূল্যবৃদ্ধিৰ অভিলেখ । দেশৰ বজাৰত নিৰন্তৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম । ডলাৰৰ তুলনাত টকাৰ মূল্যমান হ্ৰাস পোৱাত সোণৰ মূল্যবৃদ্ধি হৈছে ৷ লগতে শ্বেয়াৰ বজাৰত উত্থান-পতনৰ পৰিপ্ৰেক্ষিতত গ'ল্ড ই টি এফত জনসাধাৰণৰ বিনিয়োগ বাঢ়িবলৈ ধৰিছে ৷ ফলত আকাশলংঘী হাৰত বৃদ্ধি পাইছে সোণৰ মূল্য ।
বৃদ্ধি পাইছে সোণৰ দাম (ETV Bharat) এই সন্দৰ্ভত নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপ জিলাৰ সাধাৰণ সম্পাদক নয়ন ধৰে কয়, "মধ্য প্ৰাচ্যৰ দেশবোৰত যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে দিনক দিনে সোণৰ দাম বৃদ্ধি পাইছে । যোৱা দুমাহত প্ৰতি ১০ গ্ৰাম সোণত ৫-৬ হাজাৰ টকা বৃদ্ধি হৈছে । অহা মাৰ্চত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আৰু ৫ পৰা ৬ হাজাৰ টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । চলিত বৰ্ষত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যই ৯০ হেজাৰ টকাৰ সীমা অতিক্ৰম কৰিব । ৯ ফেব্ৰুৱাৰীৰ দিনা আছিল ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৭ হাজাৰ আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮২ হাজাৰ ।’’
সোণৰ মূল্যবৃদ্ধিৰ ফলত বজাৰ নিম্নগামী (ETV Bharat) নয়ন ধৰে আৰু কয়, ‘‘বিগত ১০ দিনত প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৫-৬ হাজাৰ টকা বৃদ্ধি হৈছে । দাম বৃদ্ধি হোৱাৰ বাবে এসপ্তাহ-১০ দিন ধৰি সোণৰ বজাৰ নিম্নগামী হৈছে । সোণৰ দাম বৃদ্ধি হোৱাৰ বাবে গ্ৰাহকো কিছু দোমোজাত পৰা দেখা গৈছে ৷ যদি এসপ্তাহ-১০ দিনৰ ভিতৰত ইয়াৰ দাম হ্ৰাস নাপাই, তেন্তে সোণৰ বজাৰ উৰ্ধগামী হ’ব । গ্ৰাহকেও সোণ ক্ৰয় কৰা আৰম্ভ কৰিব ।’’
সোণৰ মূল্যবৃদ্ধি (ETV Bharat) নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপ জিলাৰ সাধাৰণ সম্পাদক নয়ন ধৰে উল্লেখ কৰা মতে, ‘‘যোৱা বছৰত সোণৰ মূল্য ২০.২২ শতাংশ বৃদ্ধি পাইছিল । ২০২৪ ৰ ১ জানুৱাৰীত ৬৩,৩৫২ টকাৰ পৰা ৩১ ডিচেম্বৰলৈকে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছিলগৈ ৭৬,১৬২ টকা ।’’