অসম

assam

ETV Bharat / business

ধন-ধ্যান কৃষি যোজনা আহিল: বাজেটক কৃষি বিকাশৰ সামগ্ৰিক কাৰ্যসূচী আখ্যা বিত্তমন্ত্ৰীৰ - UNION BUDGET 2025

কৃষিৰ উন্নতিৰ বাবে চৰকাৰে যুৱ, মহিলা আৰু কৃষকসকলক গুৰুত্ব দি গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা কাৰ্যসূচীৰ আঁচনি আৰম্ভ কৰিব ।

UNION BUDGET 2025
কেন্দ্ৰীয় বাজেটক কৃষিৰ বিকাশৰ বাবে সামগ্ৰিক কাৰ্যসূচী আখ্যা বিত্তমন্ত্ৰীৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 5:31 PM IST

নতুন দিল্লী :কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে উত্থাপন কৰে কেন্দ্ৰীয় বাজেট ২০২৫-২৬ । এই বাজেটত দেশৰ কৃষি খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হয় । বাজেটত বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ধন-ধ্যান কৃষি যোজনা ঘোষণা কৰে । এই যোজনাই কম উৎপাদন, আধুনিক শস্যৰ অগ্ৰগতি আৰু ঋণ লাভৰ মাপকাঠিৰ গড়ৰ তলত থকা ১০০ খন জিলাক সামৰি ল'ব । এই যোজনাৰ ফলত ১.৭ কোটি কৃষক উপকৃত হ'ব বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে ।

এক নজিৰ সৃষ্টি কৰি একেৰাহে অষ্টমবাৰৰ বাবে দাখিল কৰা কেন্দ্ৰীয় বাজেটত সীতাৰমণে কয় যে চৰকাৰে যুৱ, মহিলা আৰু কৃষকসকলক অধিক গুৰুত্ব দি গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা কাৰ্যসূচী আৰম্ভ কৰিবলৈ গৈ আছে ।

তেওঁ লগতে কয় যে এই যোজনাই দক্ষতা, বিনিয়োগ আৰু প্ৰযুক্তিৰ জৰিয়তে কৃষি ক্ষেত্ৰত কম নিয়োগৰ সমস্যাৰ মোকাবিলা কৰিব । লগতে পৰ্যাপ্ত সুযোগ সৃষ্টি কৰিব, যাতে কৃষিক্ষেত্ৰৰ পৰা প্ৰব্ৰজনৰ প্ৰয়োজনীয়তা নাথাকে । তেওঁ আৰু কয় যে ইয়াত গ্ৰাম্য মহিলা, যুৱ কৃষক, গ্ৰাম্য যুৱ, প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

"ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন চমুকৈ নাফেড (Nafed, National Agricultural Cooperative Marketing Federation of India) আৰু এন চি চি এফে আগন্তুক চাৰি বছৰৰ ভিতৰত মাহজাতীয় শস্য ক্ৰয় কৰিব । চৰকাৰে ৰহৰ দাইল, মাটিমাহ আৰু মচুৰৰ ওপৰত বিশেষ গুৰুত্ব দি মাহজাতীয় শস্যত আত্মনিৰ্ভৰতাৰ বাবে 6 বছৰীয়া কাৰ্যসূচীও আৰম্ভ কৰিব । পাচলি, ফল উৎপাদন বৃদ্ধি আৰু লাভজনক মূল্য প্ৰদানৰ বাবে এক বিস্তৃত কাৰ্যসূচীও আৰম্ভ কৰা হ'ব ।" বিত্তমন্ত্ৰীয়ে কয় ।

তেওঁ কয় যে চৰকাৰে প্ৰৱৰ্তন কৰা কিষাণ ক্ৰেডিট কাৰ্ডে (কে চি চি) ৭.৭ কোটি কৃষক, মৎস্য পালক আৰু দুগ্ধ পালকৰ বাবে হ্ৰস্বম্যাদী ঋণৰ সুবিধা প্ৰদান কৰিব । "কে চি চিৰ জৰিয়তে লোৱা ঋণৰ বাবে পৰিৱৰ্তিত সুত ৰেহাই আঁচনিৰ অধীনত ঋণৰ সীমা ৩ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হ'ব ।" তেওঁ লগতে কয় ।

ইয়াৰ উপৰি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে এইবাৰৰ বাজেটে ভাৰতৰ ক্ৰমবৰ্ধিত মধ্যবিত্ত শ্ৰেণীৰ ব্যয় ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তেওঁ কয় যে ২০২৫-২৬ বৰ্ষৰ বাজেটত বিকাশ ত্বৰান্বিত হ'ব, সামগ্ৰিক উন্নয়ন সুৰক্ষিত হ'ব, সমাজ আৰু উদ্যোগক উৎসাহিত কৰিব, ঘৰুৱা মনোভাব উন্নত হ'ব আৰু ভাৰতৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণীৰ ব্যয় সামৰ্থ্য বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে ।

তেওঁ এই সত্যটোও স্বীকাৰ কৰে যে বৰ্তমানৰ ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানে বিশ্বজুৰি অৰ্থনৈতিক বিকাশৰ গতি লেহেমীয়া কৰিব পাৰে । আনহাতে, তেওঁ ভাৰতৰ শক্তিশালী অৰ্থনৈতিক ভেটিৰ ওপৰতো আস্থা প্ৰকাশ কৰে।

বিগত এটা দশকত চৰকাৰৰ উন্নয়ন নীতি আৰু গাঁথনিগত সংস্কাৰে ভাৰতক বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি হিচাপে স্থান দিছে । ইয়াৰ ফলত ভাৰতৰ সম্ভাৱনাৰ ওপৰত বিশ্বজনীন আস্থা শক্তিশালী হৈছে । ইয়াৰ ফলত সামগ্ৰিক বিকাশত উপনীত হোৱাৰ বাবে পৰৱৰ্তী পাঁচ বছৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে এই বাজেটখন চৰকাৰৰ 'সবকা বিকাশ'ৰ (সকলোৰে বাবে উন্নয়ন) দৃষ্টিভংগীৰে সংযোজিত হৈ আছে । ইয়াৰ লক্ষ্য হৈছে সকলো অঞ্চলতে এক সন্তুলিত বিকাশ ।

"বিশ্বৰ সকলো মুখ্য অৰ্থনীতিৰ ভিতৰত আমাৰ অৰ্থনীতি দ্ৰুতগতিত বিকশিত হৈছে । বিগত ১০ বছৰৰ আমাৰ উন্নয়নৰ যি ধাৰা আৰু গাঁথনিগত সংস্কাৰ, ই বিশ্বজুৰি মনোযোগ আকৰ্ষণ কৰিছে । এই সময়ছোৱাত ভাৰতৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত আস্থা বৃদ্ধি পাইছে । আমি পৰৱৰ্তী পাঁচ বছৰক 'সবকা বিকাশ' উপলব্ধি কৰাৰ এক অনন্য সুযোগ হিচাপে প্ৰত্যক্ষ কৰিছোঁ । ই সকলো অঞ্চলৰ সন্তুলিত বিকাশক উৎসাহিত কৰে ।" তেওঁ লগতে কয় ।

তেওঁ এই কথাও কয় যে এই দৃষ্টিভংগীৰ ভিতৰত আছে দৰিদ্ৰতা নিৰ্মূল কৰা, শিশুসকলৰ বাবে ১০০% গুণমানৰ শিক্ষা নিশ্চিত কৰা, সুলভ আৰু ব্যাপক স্বাস্থ্য সেৱা প্ৰদান কৰা, অৰ্থপূৰ্ণ নিযুক্তিৰে এক দক্ষ কৰ্মশক্তি বিকাশ কৰা আৰু অৰ্থনীতিত মহিলাৰ অংশগ্ৰহণ ৭০ শতাংশলৈ বৃদ্ধি কৰা । আনহাতে, ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰি দেশক 'বিশ্বৰ খাদ্য ভঁৰাল' হিচাপে গঢ়ি তোলাও এক অন্যতম লক্ষ্য বুলিও তেওঁ কয় ।

লগতে পঢ়ক :নামৰূপত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প: বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ - UNION BUDGET 2025
লগতে পঢ়ক :আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ - UNION BUDGET 2025

ABOUT THE AUTHOR

...view details