অসম

assam

ETV Bharat / business

অহা সপ্তাহত উত্থাপন হ’ব নতুন আয়কৰ বিধেয়ক - UNION BUDGET 2025

নতুন আয়কৰ বিধেয়কখন সৰল কৰি সাধাৰণ জনতাৰ বাবে বুজিব পৰা কৰি তোলা হ’ব । হ্ৰাস পাব বিধেয়কখনৰ পৃষ্ঠাৰ সংখ্যাও ৷

UNION BUDGET 2025
অহা সপ্তাহত কেন্দ্ৰই নতুন আয়কৰ বিধেয়ক উত্থাপন কৰিব (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 5:20 PM IST

হায়দৰাবাদ:শনিবাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা সপ্তাহত কেন্দ্ৰই নতুন আয়কৰ বিধেয়ক উত্থাপন কৰিব বুলি ঘোষণা কৰে । নতুন আয়কৰ বিধেয়কখনৰ লক্ষ্য হৈছে বৰ্তমানৰ আয়কৰ আইনখন সৰল কৰি সাধাৰণ জনতাৰ বাবে বুজিব পৰা কৰি তোলা । নতুন আয়কৰ বিধেয়কখনত পৃষ্ঠাৰ সংখ্যাও প্ৰায় ৬০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

বিত্তমন্ত্ৰী সীতাৰমণে কয়, "অহা সপ্তাহত চৰকাৰে সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন কৰিব, যিয়ে ‘প্ৰথমে বিশ্বাস কৰক, পিছত তদন্ত কৰক’ৰ ধাৰণাটোক আগুৱাই নিব । নতুন আয়কৰ বিধেয়কখন বৰ্তমানৰ আকাৰৰ আধা হ’ব আৰু শব্দৰ ক্ষেত্ৰত স্পষ্ট আৰু পোনপটীয়া হ’ব ।”

সীতাৰমণে আৰু কয় যে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ বাবে তিনি বছৰৰ ব্লক পিৰিয়ডৰ বাবে আৰ্মছ লেংথ প্ৰাইচিং নিৰ্ধাৰণৰ বাবে এখন আঁচনি প্ৰৱৰ্তন কৰা হ’ব যাতে ট্ৰেন্সফাৰ প্ৰাইচিং সুশৃংখলিত হয় আৰু বাৰ্ষিক তদন্তৰ বিকল্প প্ৰদান কৰা হ’ব ।

“২০২৪ চনৰ ২৯ আগষ্ট বা তাৰ পিছত ব্যক্তিয়ে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত কৰ ৰেহাই দিয়া হ’ব,” সীতাৰমণে কয় ।

আন এক বৃহৎ সংস্কাৰৰ পদক্ষেপ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) ৭৪ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব ।

২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰি সীতাৰমণে কয় যে বিগত ১০ বছৰত চৰকাৰে কৰদাতাৰ সুবিধাৰ্থে বিশেষ মূল্যায়নকে ধৰি কেইবাটাও সংস্কাৰ ৰূপায়ণ কৰিছে ।

সীতাৰমণে কৰদাতাৰ চনদ, দ্ৰুত ৰিটাৰ্ণ প্ৰক্ৰিয়া আৰু প্ৰায় ৯৯ শতাংশ আয় ৰিটাৰ্ণ আত্মমূল্যায়নত থকাৰ কথাও উল্লেখ কৰে ।

(পিটিআইৰ সহায়ত)

লগতে পঢ়ক:আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ

লাইভ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থাপন কৰিলে বাজেট; অসমৰ বাবে ঘোষণা বিত্তমন্ত্ৰীৰ

ৰাজ্যসমূহৰ অংশীদাৰিত্বৰে ৫০টা পৰ্যটনস্থলীৰ উন্নয়ন; হোমষ্টেলৈ মুদ্ৰা ঋণ বৃদ্ধি

ABOUT THE AUTHOR

...view details