অসম

assam

বিশ্ব প্ৰতিদ্বন্দ্বীৰ সৈতে ফেৰ মাৰি ছেনছেক্স-নিফটিৰ প্ৰাৰম্ভিক ট্ৰেডিং বৃদ্ধি - Share and Stock Market

By PTI

Published : Aug 16, 2024, 12:01 PM IST

Share and Stock Market: মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, টাটা মটৰ্ছ, টেক মহিন্দ্ৰা, টাটা কনছালটেন্সী ছাৰ্ভিছেচ, এইচ চি এল টেকন'লজিছ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, আই চি আই চি আই বেংক, জে এছ ডব্লিউ ষ্টীল, ইনফ'চিছ আৰু ইণ্ডাছইণ্ড বেংক হৈছে আটাইতকৈ বেছি লাভ অৰ্জনকাৰী প্ৰতিষ্ঠান ।

চেঞ্চেক্স-নিফটিৰ প্ৰাৰম্ভিক ট্ৰেডিং বৃদ্ধি
প্ৰতিনিধিত্বমূলক ছবি (Share and Stock Market)

নিউজ ডেস্ক, ১৬ আগষ্ট:আই টি ষ্টক আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত ক্ৰয়ৰ লগতে বিশ্ববজাৰত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পিচত শুকুৰবাৰে ইকুইটি বেঞ্চমাৰ্ক সূচক ছেনছেক্স আৰু নিফটিৰ প্ৰাৰম্ভিক ট্ৰেডিঙত বৃদ্ধি ঘটিছে । 30-শ্বেয়াৰ বি এছ ই ছেঞ্চেক্স প্ৰাৰম্ভিক ট্ৰেডিঙত 805.96 পইণ্ট বৃদ্ধি হৈ 79,911.84 হয় ।

আনহাতে, এন এছ ই নিফটি ২৫২.০৫ পইণ্ট বৃদ্ধি হৈ ২৪,৩৯৫.৮০ পইণ্টত উপনীত হয় । ৩০ টা ছেনছেক্স প্ৰতিষ্ঠানৰ আটাইকেইটাই প্ৰাৰম্ভিক ট্ৰেডিঙত অধিক ব্যৱসায় কৰে । মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, টাটা মটৰ্ছ, টেক মহিন্দ্ৰা, টাটা কনছালটেন্সী ছাৰ্ভিছেচ, এইচ চি এল টেকন'লজিছ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, আই চি আই চি আই বেংক, জে এছ ডব্লিউ ষ্টীল, ইনফ'চিছ আৰু ইণ্ডাছইণ্ড বেংক হৈছে আটাইতকৈ বেছি লাভ অৰ্জনকাৰী প্ৰতিষ্ঠান ।

আনফালে এছিয়াৰ বজাৰত ছিউল, টকিঅ', ছাংহাই আৰু হংকঙত যথেষ্ট বেছি পৰিমাণে ব্যৱসায় হয় । উল্লেখ্য যে বৃহস্পতিবাৰে আমেৰিকাৰ বজাৰসমূহ যথেষ্ট লাভ অৰ্জনেৰে সামৰণি পৰিছিল ।

একচেঞ্জ তথ্য অনুসৰি, বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলে (এফ আই আই) বুধবাৰে 2,595.27 কোটি টকাৰ ইকুইটি বিক্ৰী কৰে । আনহাতে, ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকল (ডি আই আই) ক্ৰেতা আছিল । কিয়নো তেওঁলোকে 2,236.21 কোটি টকাৰ ইকুইটি ক্ৰয় কৰে । ইফালে বিশ্ব তেলৰ মানক ব্ৰেণ্ট ক্ৰুড ০.২৫ শতাংশ হ্ৰাস হৈ প্ৰতিবেৰেলত ৮০.৮৪ আমেৰিকান ডলাৰলৈ হ্ৰাস পাইছে ।

মেহতা ইকুইটিজ লিমিটেডৰ জ্যেষ্ঠ উপাধ্যক্ষ (গৱেষণা) প্ৰশান্ত টেপছে কয়, "ব্যৱসায়ীসকলে ৱাল ষ্ট্ৰীটৰ শক্তিশালী সংকেত, ছেপ্টেম্বৰত ফেডাৰেল ৰিজাৰ্ভৰ দ্বাৰা হাৰ হ্ৰাসৰ আশা আৰু শক্তিশালী আমেৰিকান খুচুৰা বিক্ৰী পৰিসংখ্যাৰ কাৰণে এক বিপদাশংকা-ভিত্তিক দৃষ্টিকোণ গ্ৰহণৰ সম্ভাৱনা আছে, যাৰ ফলত মন্দাৱস্থাৰ উদ্বেগ হ্ৰাস হৈছে ।"

উল্লেখ্য যে স্বাধীনতা দিৱসৰ বাবে বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰ বন্ধ আছিল । আনহাতে, বুধবাৰে বি এছ ইৰ বেঞ্চমাৰ্ক ১৪৯.৮৫ পইণ্ট বা ০.১৯ শতাংশ বৃদ্ধি হৈ ৭৯,১০৫.৮৮ ত স্থিৰ হয় । এন এছ ই নিফটি ৪.৭৫ পইণ্ট বা ০.০২ শতাংশ বৃদ্ধি হৈ ২৪,১৪৩.৭৫ ত সামান্য বৃদ্ধি পাইছে ।

লগতে পঢ়ক :হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পৰা বিনিয়োগকাৰীক সাৱধান হ’বলৈ পৰামৰ্শ SEBI-ৰ - Hindenburg New Revelation
লগতে পঢ়ক :ৰাহুলৰ প্ৰশ্ন: কিয় এতিয়ালৈ পদত্যাগ কৰা নাই ছেবিৰ অধ্যক্ষই ? - RAHUL GANDHI ON SEBI

ABOUT THE AUTHOR

...view details