নেশ্যনেল ডেস্ক,৪ মে':বৰ্তমান সময়ত সঞ্চয় হৈছে ভৱিষ্যৎ সুৰক্ষিত কৰাৰ প্ৰধান আহিলা । সকলো লোকে সঞ্চয় কৰিব বিচাৰে । সঞ্চয়ৰ বাবে বেংককে ধৰি বিভিন্ন মাধ্যম ব্যৱহাৰো কৰা দেখা যায় । সঞ্চয়ৰ বিভিন্ন আঁচনিও আছে । তাৰ ভিতৰত ডাকঘৰৰ ৰেকাৰিং ডিপোজিট আঁচনি অতি লাভজনক । এই আঁচনিৰ জৰিয়তে ১০ বছৰ বিনিয়োগ কৰিয়ে আপুনি লাভ কৰিব ১৭ লাখ টকা ! কিন্তু কেনেকৈ জানি লওঁক ।
ডাকঘৰৰ আৰ ডি আঁচনি :বৰ্তমান প্ৰজন্মই কাম কৰি হওঁক বা ব্যৱসায় কৰিয়েই হওঁক উপাৰ্জনৰ বেছিখিনি ধন সঞ্চয় কৰিবলৈ আগ্ৰহী । ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ আৰু জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰাকৈ সঞ্চয় কৰিবলৈ তেওঁলোক আগ্ৰহী । কিন্তু আমাৰ উপাৰ্জিত ধন বিনিয়োগ কৰিবলৈ উপলব্ধ অন্যতম শ্ৰেষ্ঠ বিনিয়োগ আঁচনি কি ? ডাকঘৰৰ আৰ ডি (Recurring Deposit) হৈছে এনে এক গুৰুত্বপূৰ্ণ আঁচনি । বৰ্তমান এই ৰেকাৰিং ডিপোজিট আঁচনি দেশৰ বিভিন্ন বেংকৰ লগতে ভাৰতীয় ডাকঘৰেও আগবঢ়াইছে । কিন্তু বেংকৰ তুলনাত বৰ্তমান প্ৰজন্মই ডাকঘৰতে বিনিয়োগ কৰিবলৈ অধিক আগ্ৰহী । কিয়নো যদি আপুনি ১০ বছৰত এই আঁচনিখনত বিনিয়োগ কৰে তেন্তে ১৭ লাখ টকা লাভ কৰিব ।
ৰেকাৰিং ডিপোজিট হৈছে বিশেষ টাৰ্ম ডিপজিট আঁচনি । কিন্তু যিসকলে কম সময়ৰ ভিতৰতে বৃহৎ লাভ বিচাৰে তেওঁলোকৰ বাবে ডাকঘৰৰ ৰেকাৰিং ডিপোজিট এক ভাল বিকল্প । এই আঁচনিখনত আপুনি মাহেকীয়া ভিত্তিত সঞ্চয় কৰিব পাৰিব । এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড মাত্ৰ ৫ বছৰ । এই আঁচনিৰ ওপৰত বৰ্তমান কেন্দ্ৰই ৬.৭ শতাংশ সুতৰ হাৰ আগবঢ়াইছে । লগতে এই আঁচনিখন মেচিউৰিটিৰ পিচত ইচ্ছা কৰিলে আৰু ৫ বছৰলৈ বৃদ্ধি কৰিব পাৰে ।
ইয়াত ন্যূনতম ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰিব । সৰ্বোচ্চ ধন ৰাখিব পাৰিব । ইয়াৰ কোনো সীমা নাই । ধৰি লওক আপুনি ৫ বছৰলৈ প্ৰতিমাহে ১০০০ টকাৰ হাৰত বিনিয়োগ কৰে তেন্তে আপোনাৰ মুঠ বিনিয়োগ ৬০ হাজাৰ টকা পৰ্যন্ত হ'ব । যদি আপুনি ইয়াক আৰু ৫ বছৰ বৃদ্ধি কৰি ১০ বছৰৰ পিচত লয় তেন্তে সুতৰ লগতে ১.৭০ লাখ টকা পৰ্যন্ত পাব ।