জয়ছালমেৰ :শনিবাৰে অনুষ্ঠিত হৈছে জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠক । এই বৈঠক দুটা অধিবেশনত অনুষ্ঠিত হৈছে । প্ৰথম অধিবেশন পুৱা 11 বজাৰ পৰা আবেলি 1.45 বজালৈ আৰু দ্বিতীয় অধিবেশন আবেলি 4.30 বজাৰ পৰা অনুষ্ঠিত হ'ব । এই বৈঠক কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে । ইয়াত জি এছ টি পৰিষদৰ বহুসংখ্যক সদস্যই অংশগ্ৰহণ কৰিছে । জি এছ টি পৰিষদৰ এই বৈঠকখন বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । এই বৈঠকত জি এছ টিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমাধানৰ উপৰি জি এছ টিৰ অনলাইন সেৱা উন্নত কৰাৰ বিষয়ে আলোচনা হ'ব । লগতে কেইবাটাও সামগ্ৰীৰ কৰ শ্লেবত পৰিৱৰ্তন হ'ব পাৰে ।
জি এছ টিত কৰ শ্লেব সৰ্বাধিক ২৮ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে । এনে পৰিস্থিতিত বহুতো সামগ্ৰীৰ জি এছ টি কৰ বৃদ্ধিৰ বিপৰীতে বহুতৰে জি এছ টি কৰ হ্ৰাস কৰা হ'ব । প্ৰতি তিনি মাহত ব্যৱসায়ীসকলে দাখিল কৰা ৰিটাৰ্ণত অধিক স্বচ্ছতা অনাৰ ওপৰতো আলোচনা হ'ব । আনহাতে, স্বাস্থ্য বীমা আঁচনিৰ শ্লেব হ্ৰাস কৰাৰো সিদ্ধান্ত লোৱা হ'ব পাৰে ।
৫ লাখ টকালৈকে স্বাস্থ্য বীমাত ৰেহাইৰ সম্ভাৱনা
স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত ৫ লাখ টকালৈকে জি এছ টি ৰেহাই দিয়াৰ সম্ভাৱনা আছে । অৱশ্যে এইটো 5 লাখৰ ওপৰৰ ক'ভাৰেজৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব । এই বৈঠকখন স্বাস্থ্য আৰু জীৱন বীমাক উৎসাহিত কৰা আৰু বীমা আঁচনিবোৰ সুলভ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব পাৰে । লগতে এই প্ৰস্তাৱসমূহে ভাৰতৰ কৰ ব্যৱস্থাক অধিক সৰল আৰু সামগ্ৰিক কৰাত সহায় কৰিব ।