নিউজ ডেস্ক, ২৮ জুন :৩ জুলাই, শুকুৰবাৰৰে পৰা বৃদ্ধি হ’ব ম’বাইলৰ শুল্ক ৷ ভাৰতী এয়াৰটেলে এইবাৰ বৃদ্ধি কৰিছে ম’বাইলৰ শুল্ক । যোৱা ডেৰ-দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰিলায়েন্স JIO-এ ১২ ৰ পৰা ২৭ শতাংশ ম’বাইলৰ শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷
এক বিবৃতি অনুসৰি, আনলিমিটেড ভইচ প্লেন(Unlimited voice plans)ত এয়াৰটেলে ১৭৯ টকাৰ প্লেনৰ শুল্ক ৪৫৫ টকাৰ পৰা ৫৯৯ টকালৈ, ১৭৯৯ টকাৰ পৰা ১৯৯৯ টকালৈ বৃদ্ধি কৰিছে ।
- কি কয় এয়াৰটেলে ?
ভাৰতী এয়াৰটেলে নিয়ন্ত্ৰণমূলক ফাইলিঙত কয় যে এয়াৰটেলে ২০২৪ চনৰ ৩ জুলাইৰ পৰা ম’বাইল শুল্কও সংশোধন কৰিব । গ্ৰাহকৰ বাজেটৰ ওপৰত যাতে কোনো ধৰণৰ বোজা নহয়, সেই লক্ষ আগত ৰাখি এণ্ট্ৰি-লেভেল প্লেনত অতি সামান্য মূল্যবৃদ্ধি (প্ৰতিদিনে ৭০p কৈ কম) কৰা হৈছে বুলি ভাৰতী এয়াৰটেলে কয় ।
লগতে ভাৰতী এয়াৰটেলে কয় যে ভাৰতৰ টেলিকম কোম্পানীসমূহৰ আৰ্থিকভাৱে সুস্থ ব্যৱসায়িক মডেল সক্ষম কৰিবলৈ প্ৰতি ব্যৱহাৰকাৰীৰ ম’বাইল গড় ৰাজহ (ARPU) ৩০০ টকাৰ ওপৰত হ’ব লাগে ।
- এয়াৰটেলৰ শ্বেয়াৰ