নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ :সমাগত দুৰ্গা পূজা । দেশৰ বিভিন্ন প্ৰান্তত পূজাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ । ছেপ্টেম্বৰ মাহৰ শেষৰফালে বা অক্টোবৰৰ প্ৰথম সপ্তাহত আহিব পাৰে ভাল খবৰটো ।
সূত্ৰৰ মতে, দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) বৃদ্ধি কৰিব পাৰে । যোৱা বছৰ অক্টোবৰৰ প্ৰথম সপ্তাহত ডিএ বৃদ্ধিৰ ঘোষণা কৰা হৈছিল ।
অৱশ্যে, ২০২৪ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৩-৪ শতাংশ ডিএ বৃদ্ধি ঘোষণা কৰিব পাৰে । ২০২৪ চনৰ মাৰ্চ মাহত যোৱা ডিএ বৃদ্ধিত, কেন্দ্ৰীয় চৰকাৰে ডিএ মৌলিক দৰমহাৰ ৪ শতাংশ বৃদ্ধি কৰি ৫০ শতাংশলৈ বৃদ্ধি কৰিছিল । চৰকাৰে ডিআৰ ৪ শতাংশ বৃদ্ধি কৰিছিল । সপ্তম দৰমহা আয়োগৰ অধীনত, এই বৃদ্ধি বছৰত দুবাৰ কৰা হয় । এইবাৰ এই বৃদ্ধিয়ে লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰক লাভান্বিত কৰিব ।