নিউজ ডেস্ক, ২২ জুন: অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ তাদেপল্লী মণ্ডলৰ সীতানগৰত থকা ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ৰ বাবে অবৈধভাৱে নিৰ্মাণ কৰি থকা অট্টালিকাটো ভাঙি পেলায় বিষয়াসকলে । জল আৰু নিষ্কাশন বিভাগৰ মাটিত নির্মাণ কৰি আছিল দলীয় কার্যালয় ৷ এই ঠাইখন আগতে চৰকাৰে নাও চলাচলৰ বাবে ব্যৱহাৰ কৰিছিল ।
এই অবৈধ নিৰ্মাণৰ বাবে চি আৰ ডি এয়ে ৱাই এছ আৰ চি পিলৈ জাননী জাৰি কৰিছিল । জাননীৰ সঠিক সঁহাৰি নিদিয়াৰ বাবে বিষয়াসকলে ভৱনটো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে । জলসিঞ্চনৰ ভূমিত দলীয় কাৰ্যালয়ৰ বাবে অবৈধ নিৰ্মাণৰ কাম ভাঙিলে এম টি এম চিৰ বিষয়াসকলে । প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনে তাদেপল্লীত ২ একৰ জলসিঞ্চনৰ ভূমি দলীয় কাৰ্যালয়ৰ বাবে আবণ্টন দিছিল । ৱাই এছ আৰ চি পিৰ নেতাসকলে ২ একৰ মাটিত দলীয় কাৰ্যালয় ভৱন নিৰ্মাণ কৰি বাকী ১৫ একৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল । কিন্তু জলসিঞ্চন বিভাগে মাটিৰ দখল ৱাই এছ আৰ চি পিক গতাই দিবলৈ সন্মত নহ’ল । চি আৰ ডি এ, এম টি এম ই আৰু ৰাজহ বিভাগে এই মাটি ৱাই এছ আৰ চি পিক গতাই দিয়া নাছিল ।