আগৰতলা, 27 ফেব্ৰুৱাৰী :ত্ৰিপুৰাৰ ৰাণীবাৰী গাঁৱত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ প্ৰেমিকাক লগ কৰিবলৈ গৈ প্ৰহাৰৰ বলি হ’ল এজন যুৱক ৷ ভুক্তভোগী যুৱকজনৰ নাম অনুপ দাস বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছে মোবাইলৰ কেমেৰাত ৷ যি দৃশ্যই আপোনাৰো গাৰ নোম শিয়ৰাই তুলিব ৷
ঘটনাৰ বিৱৰণী অনুসৰি, অনুপ দাস নামৰ যুৱকজনে নিজ প্ৰেমিকাক লগ কৰিবলৈ গাঁওখনলৈ আহিছিল ৷ কিন্তু সেইদিনা দিন বেয়া আছিল অনুপৰ ৷ অনুপৰ প্ৰেমিকাৰ ভাতৃয়ে তেওঁ অহালৈহে যেন বাট চাই আছিল ৷ লগে লগে প্ৰেমিকাৰ ভাতৃ দৈত্য আকুৰা আৰু তেওঁৰ এজন সহযোগীয়ে মিলি অনুপক ঘৰৰ সন্মুখতে থকা এটা খুঁটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ ইয়াৰ পিচতে কেৱল প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি অনুপ দাসক বিবস্ত্ৰ কৰি প্ৰহাৰ কৰি কৰি তেজেৰে লুটুৰি পুতুৰি কৰি তোলে দুই যুৱকে ৷