নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী:হাঁড় কঁপোৱা শীত দেশৰ ৰাজধানী চহৰ দিল্লীত । মঙলবাৰে পুৱাৰে শীত প্ৰৱাহ আৰু কুঁৱলীয়ে আৱৰি ৰাখিছে দিল্লী । সোমবাৰে বিয়লিৰ ভাগত ৰ'দে ভুমুকি মৰাত কিছু সকাহ পাইছিল যদিও বতৰ বিজ্ঞান বিভাগে শীত প্ৰৱাহ অব্যাহত থকিব বুলি উল্লেখ কৰিছিল । বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে দিল্লীত সৰ্বাধিক তাপমাত্ৰা আছিল ১৭.৬ ডিগ্ৰী চেলচিয়াছ । আনহাতে নিম্নতম তাপমাত্ৰা আছিল ৬.১ ডিগ্ৰী চেলচিয়াছ ।
ইফালে মঙলবাৰে পুৱাৰে পৰা কুঁৱলীয়ে আৱৰি ৰাখিছে ৰাজধানী চহৰখন । ইফালে আকৌ দিল্লীত প্ৰদূষণৰ স্তৰ পুনৰবাৰ গুৰুতৰ শ্ৰেণীত উপনীত হৈছে । তথ্য় অনুসৰি বায়ুৰ মানদণ্ড সূচক ৩৮২ । সেয়ে বতৰ বিজ্ঞান বিভাগে মঙলবাৰে ঘন কুঁৱলীৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰে । সদৰী কৰা তথ্য় অনুসৰি বৰ্তমান দিল্লীত, সৰ্বাধিক তাপমাত্ৰা ১৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ৭ ডিগ্ৰী চেলচিয়াছ হ'ব বুলি আশা কৰা হৈছে ।
একে সময়তে, বায়ুত আৰ্দ্ৰতাৰ স্তৰ ৯১ শতাংশ লৈকে থাকিব আৰু বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগত চলিব পাৰে । দিল্লীত, পুৱা ৭ বজাত তাপমাত্ৰা ৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল । ফৰিদাবাদত আছিল ৭ ডিগ্ৰী চেলচিয়াছ, গাজিয়াবাদত ৭ ডিগ্ৰী চেলচিয়াছ, গুৰুগ্ৰাম ৮ ডিগ্ৰী চেলচিয়াছ, গ্ৰেটাৰ নয়ডাত ৭ ডিগ্ৰী চেলচিয়াছ আৰু নয়ডা ৭ ডিগ্ৰী চেলচিয়াছৰ সৈতে ৰাজ্যখনৰ আটাইতকৈ গৰম ঠাই ।