নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ :জামিন লাভৰ পিচতে অৰবিন্দ কেজৰিৱালে পদত্যাগৰ ঘোষণা কৰাৰ লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈও জল্পনা-কল্পনা আৰম্ভ হৈছে । কেজৰিৱালে দুদিনৰ ভিতৰত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী কেজৰিৱালৰ পত্নীৰ লগতে কেইবাজনো নেতাৰ নাম চৰ্চাত আছে যদিও এতিয়ালৈ নিশ্চিত হোৱা নাই ।
জানিব পৰা মতে, আপৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই সোমবাৰে কেজৰিৱালক সাক্ষাৎ কৰিব আৰু তেওঁলোকে কাক এই পদৰ বাবে বাছনি কৰিব সেই বিষয়ে আলোচনা কৰিব ।
- কেজৰিৱাল-চিছোদিয়াৰ বৈঠক
তেওঁলোকৰ বৈঠকখন চিভিল লাইনচ এলেকাত থকা অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হ'ব । সোমবাৰে দলৰ এগৰাকী কৰ্মীয়ে কয়, "কেজৰিৱাল আৰু চিছোদিয়া আজি বৈঠকত মিলিত হ'ব । পদত্যাগৰ সিদ্ধান্তৰ পিচত তেওঁলোকৰ এইখন প্ৰথম বৈঠক হ'ব । বৈঠকখনত পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে ।"
- কেজৰিৱালৰ পদত্যাগৰ ঘোষণা