মেষ ৰাশি: এই সপ্তাহটো মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ গাৰ্হস্থ্য জীৱনত সুখ-শান্তি থাকিব, কিন্তু কোনো বাহিৰৰ মানুহৰ বাবে জীৱনত উত্তেজনা থাকিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো উত্থান-পতন থাকিব ৷ সম্পত্তিত বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে সময় ভাল ৷ শ্বেয়াৰ বজাৰতো ভাবি-চিন্তি বিনিয়োগ কৰক ৷ চাকৰি সলনিৰ বাবে এই সময় শুভ নহয় ৷ অতিমাত্ৰা আত্মবিশ্বাস পৰিহাৰ কৰক ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিব ৷ আপুনি নিজৰ ব্যস্ত দিনটোৰ পৰা পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু সময় উলিয়াব, য’ত আপুনি তেওঁলোকৰ সৈতে সুখ-দুখ ভাগ-বতৰা কৰা দেখা যাব ৷ আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে কিছু কিনা-কটা কৰিব, কিন্তু সকলো কিনা-কটা বাজেটৰ ভিতৰত কৰাটো ভাল হ’ব ৷ বন্ধু-বান্ধৱীৰ সহযোগিতা লাভ কৰিব ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ এই সপ্তাহটো বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি থাকিব ৷ সকলোৱে একেলগে কাম কৰা দেখা যাব ৷ পৰিয়ালত ভাইটিৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হব, যাৰ বাবে শুভ কাৰ্যৰ আয়োজন কৰা হ’ব ৷ সকলোৰে অহা যোৱা চলি থাকিব ৷ কিবা কাৰণত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত উদ্বেগ আহিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ প্ৰতিযোগিতাত সাফল্য লাভ কৰিব ৷ সন্তানৰ শিক্ষাৰ বাবেও বহু ধন ব্যয় হ’ব ৷ যিসকল লোকে চাকৰি কৰি আছে, তেওঁলোকেও অফিচৰ কামত ভ্ৰমণ কৰিব ৷ আপোনাৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’লে ভাল চিকিৎসকৰ পৰামৰ্শ লওক ৷ আপুনি নিজৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটোৱা দেখা যাব ৷ আপুনি নিজৰ সন্তানৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷
মিথুন ৰাশি:মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি থাকিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ওপৰত অধিক পাৰিবাৰিক দায়িত্ব আহিব পাৰে, যাৰ ফলত আপোনাক অলপ চিন্তিত যেন দেখা যাব ৷ ঘৰৰ সাজ-সজ্জা আৰু মেৰামতিৰ বাবে কিছু ধন ব্যয় কৰিব, কিন্তু সকলো খৰচ বাজেট মনত ৰাখি কৰিলে আপোনাৰ বাবে ভাল হ’ব ৷ চাকৰিৰ পৰিৱৰ্তন হ’ব ৷ ব্যৱসায় আগুৱাই নিয়াত সফল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব, কিন্তু মনটো অ’ত-ত’ত ঘূৰু ফুৰাত বাধা দিব লাগিব ৷ উচ্চ শিক্ষাৰ বাবে সময় অতি ভাল ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ আপুনি ভাল আৰু সতেজ অনুভৱ কৰিব ৷ ভগ্নীৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হ'ব, যাৰ ফত পৰিয়ালত শুভ কাৰ্যৰ আয়োজন কৰা হ'ব ৷
কর্কট ৰাশি:কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি থাকিব ৷ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ আজি আপুনি প্ৰেম সম্পৰ্কত নিজৰ সংগীক বিচাৰি পাব, যাক লগ পাই আপুনি বহুত সুখী হ’ব ৷ আয় বৃদ্ধি হ’ব ৷ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷ আপুনি আপোনাৰ ধন কোনো নিৰাপদ স্থানত বিনিয়োগ কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি উপযোগী হ’ব ৷ চাকৰিয়াল লোকসকলে দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগুৱাই নিবৰ বাবে যথেষ্ট প্ৰয়াস কৰা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে এতিয়াও অধিক কষ্ট কৰিব লাগিব ৷ ঘৰত পূজা-পাঠৰ আয়োজন কৰা হ'ব ৷
সিংহ ৰাশি:সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ আপুনি জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰয়াস সফল হ’ব ৷ চাকৰিত পদোন্নতিৰ সুযোগ আহিব ৷ চাকৰি সলনি হোৱাৰ সম্ভাৱনাও আছে ৷ আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা শিকিব যে কেনেকৈ ধন জমা কৰিব পাৰি ৷ পৈতৃক ব্যৱসায়ৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ’ব, যাৰ ফলত ব্যৱসায়ত অগ্ৰগতি হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব, উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলে এতিয়াও অধিক কষ্ট কৰিব লাগিব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ ভাই-ভনীৰ উচ্চ শিক্ষাৰ বাবে চিনাকি মানুহৰ লগত কথা পতা দেখা যাব ৷ অবিবাহিতসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে ৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ জীৱনত সুখ-শান্তি বিৰাজ কৰিব আৰু পৰিয়ালৰ পৰা সহায় পাব ৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটাব, যাৰ পৰা আপুনি বহু কথা শিকিব, যিবোৰ ভৱিষ্যতে আপোনাৰ কামত আহিব ৷ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ চাকৰি কৰা লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ পাব ৷ ব্যৱসায়তো লাভ অৰ্জন কৰিব ৷ কোনো ভাল মানুহৰ সহায়ত আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷ সন্তানৰ পৰা সু-খবৰ পাব ৷ আজি আপুনি ঘৰুৱা প্ৰয়োজনৰ বাবে কিছু কিনা-কটা কৰিব, কিন্তু সকলো খৰচ মনত ৰাখি কৰাটো ভাল হ’ব ৷ ভ্ৰাতৃৰ বিবাহৰ বাটত আহি থকা বাধাবোৰৰ অন্ত পৰিব ৷ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব ৷