নতুন দিল্লী/নয়ডা : পশ্চিম উত্তৰ প্ৰদেশত কৃষক আন্দোলনে ক্ৰমাৎ তীব্ৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে । মঙলবাৰে দলিত প্ৰেৰণা স্থানত ধৰ্ণাত বহি থকা কৃষকসকলক গ্ৰেপ্তাৰ কৰাৰ পিচত কৃষক নেতা ৰাকেশ টিকাইতে বুধবাৰে কৃষকসকলৰ মহাপঞ্চায়ত আহ্বান কৰিছে । তেওঁ কয় যে তেওঁ এক মহাপঞ্চায়ত অনুষ্ঠিত কৰি তাত পৰৱৰ্তী আন্দোলনৰ ৰণনীতি ঘোষণা কৰিব ।
গ্ৰেপ্তাৰৰ বিৰোধিতা, জৰুৰীকালীন পঞ্চায়ত: কৃষকসকলক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বি কে ইউৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইতে মুজাফ্ফৰনগৰৰ চিচাউলিৰ কিষাণ ভৱনত এখন জৰুৰীকালীন পঞ্চায়তো আহ্বান কৰে । এই পঞ্চায়তত বি কে ইউৰ ৰাষ্ট্ৰীয় সভাপতি নৰেশ টিকাইত আৰু অন্যান্য কৃষক নেতাসকল উপস্থিত থাকে । বৈঠকত সিদ্ধান্ত লোৱা হয় যে সমগ্ৰ পশ্চিম উত্তৰ প্ৰদেশৰ কৃষকসকলে বুধবাৰে গৌতম বুদ্ধ নগৰৰ যমুনা এক্সপ্ৰেছৱেৰ জিৰো পইণ্টত একত্ৰিত হ'ব আৰু ইয়াৰ বাবে পুৱা ৯ বজাত সমদলটো মীৰাটত উপস্থিত হ'ব ।
ৰাকেশ টিকাইতে এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বাৰ্তাও পোষ্ট কৰিছে । বাৰ্তাটোত বুধবাৰে পুৱা গ্ৰেটাৰ নয়ডাৰ জিৰো পইণ্টত এখন মহাপঞ্চায়ত হ'ব বুলি কোৱা হৈছে । তাত চৰকাৰৰ সৈতে আলোচনা কৰিবনে নকৰে সেই বিষয়ে সিদ্ধান্ত লোৱা হ'ব । কিন্তু এইটো স্পষ্ট যে গ্ৰেপ্তাৰ কৰা সকলো কৃষক পঞ্চায়তত উপস্থিত নোহোৱালৈকে কোনো সিদ্ধান্ত লোৱা নহ'ব ।
আনহাতে, আন কৃষক সংগঠনসমূহেও বিষয়টো সন্দৰ্ভত একত্ৰিত হৈছে । তেওঁলোকে কয় যে নয়ডাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা কৃষকসকলক আৰক্ষীয়ে বৰ্বৰতাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ধৃষ্টতা কৰিছে । এইটোৰ দ্বাৰা কিবা নহয় কিবা প্ৰকাৰে দেশৰ কৃষকসকলৰ সন্মানক লৈ খেলা কৰা হৈছে । ভাৰতীয় কিষাণ সংগঠনে বুধবাৰে সমগ্ৰ মিৰাট মণ্ডল দলৰ সৈতে প্ৰতিবাদস্থলীত উপস্থিত হৈছে । কৃষকসকলৰ সমৰ্থনত সকলোকে ঘৰ এৰি কাজপথলৈ ওলাই আহিবলৈ অনুৰোধ জনোৱা হৈছে । উল্লেখ্য যে ভাৰতীয় কিষাণ সংগঠনে উত্তৰ প্ৰদেশৰ লগতে আন ৰাজ্যতো আছে । কৃষকসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে কৰা কামৰ বিৰুদ্ধে সমগ্ৰ দেশৰ হৈ ৰাষ্ট্ৰপতিক এখন স্মাৰক-পত্ৰ দাখিল কৰা হ'ব বুলিও উল্লেখ কৰা হৈছে ।
আনহাতে, যমুনা এক্সপ্ৰেছৱে’ৰ জিৰো পইণ্টত অনুষ্ঠিত হ'বলগীয়া কৃষক মহাপঞ্চায়তৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে ব্যাপক প্ৰস্তুতি হাতত লৈছে । জিলাখনত প্ৰৱেশ কৰা ৩০ টাতকৈও অধিক সৰু-বৰ পথত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিব । বাহিৰৰ জিলাৰ পৰা অহা কৃষকসকলক মহাপঞ্চায়তত উপস্থিত হোৱাত বাধা প্ৰদান কৰা হ'ব । বেৰিকেডৰ উপৰি বৃহৎসংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।
পশ্চিম উত্তৰ প্ৰদেশৰ বুলন্দচহৰ, আলিগড়, মথুৰা, হাপুৰ, গাজিয়াবাদ, চামলি, বাগপত, মুজাফ্ফৰনগৰ, চাহাৰনপুৰ, বিজনৌৰ আৰু মীৰাট আদি জিলাৰ পৰা বহুসংখ্যক কৃষক তেওঁলোকৰ ব্যক্তিগত বাহন আৰু ট্ৰেক্টৰ-ট্ৰলীৰে অহাৰ সম্ভাৱনা আছে ।
ইফালে মহাপঞ্চায়ত ঘোষণাৰ পিচত আৰক্ষী বিষয়াসকলে নিশালৈকে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত থাকে । চহৰখনত যান-জঁট নোহোৱাটো নিশ্চিত কৰিবলৈ আৰক্ষীয়ে কঠোৰ প্ৰস্তুতি চলাইছে আৰু আৱাসীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি দৃষ্টি ৰখা হৈছে । কিন্তু সূত্ৰ মতে, মহাপঞ্চায়তৰ পিচত কৃষকসকল পুনৰ দিল্লীমুখী হ'ব পাৰে । যদি সেয়া হয় তেন্তে আৰক্ষীৰ সমস্যা বৃদ্ধি পাব ।