মেষ ৰাশি:মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো তেওঁলোকৰ বাবে শুভ হ’ব ৷ আপুনি আপোনাৰ জীৱন সংগীক তেওঁৰ কামত সহায় কৰিব লাগিব ৷ আপুনি আপোনাৰ ব্যৱসায়তো মনোনিৱেশ কৰিব লাগিব ৷ প্ৰেম সম্পৰ্কত প্ৰেম দেখা যাব ৷ এই সপ্তাহত আৰ্থিক বিষয়ক লৈ কৰা অত্যধিক চিন্তাই আপোনাৰ মূৰৰ বিষ কৰিব পাৰে ৷ আপোনাৰ ভাগ্য সবল হৈ থাকিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি ক্ৰমান্বয়ে উন্নত হ’ব ৷ অংশীদাৰী ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে নিজৰ অংশীদাৰৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় ৷ চাকৰি কৰা লোকসকলে নতুন চাকৰিৰ কথা ভাবিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল সাফল্য লাভ কৰিব পাৰে ৷ আপোনাৰ প্ৰিয় বিষয়বোৰ পঢ়াৰ সুযোগ পাব ৷ আত্মবিশ্বাস অতি উচ্চ হৈ থাকিব ৷ স্বাস্থ্যৰ কোনো বিশেষ উন্নতি নহ’ব ৷ আপুনি নিজৰ দৈনন্দিন জীৱনলৈ কিছু পৰিৱৰ্তন আনিব ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো গতানুগতিকতকৈ ভাল হ’ব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলে এই সময়ত প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব ৷ বিবাহিত লোকসকলৰ জীৱনত প্ৰেম দেখা যাব ৷ যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়খিনিত ভাল সম্পৰ্ক আহিব, যি তেওঁলোকক যথেষ্ট সুখী কৰা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ চাকৰি কৰা লোকসকলে কনিষ্ঠ সহকৰ্মীসকলৰ লগত তৰ্ক-বিতৰ্ক এৰাই চলা উচিত ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব ৷ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ এই সপ্তাহত আপোনাৰ খৰচ বহুত বেছি হ’ব, যাৰ ফলত আপুনি অলপ চিন্তিত অনুভৱ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব, তাতো আপুনি বহুত বেছি খৰচৰ সন্মুখীন হ’ব ৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ এই সপ্তাহত আপুনি নেতিবাচকতাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগিব ৷ যদি আপুনি নতুন সম্পৰ্কত জড়িত হ’ব বিচাৰে, তেন্তে সিদ্ধান্তটো অতি ভাবি-চিন্তি ল’ব লাগিব ৷ বিবাহিত লোকসকলক বৈবাহিক জীৱনত সুখী যেন লাগিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো তেওঁলোকৰ বাবে শুভ হ’ব ৷ যদি আপুনি নিয়ম অনুসৰি পঢ়া-শুনা কৰে, তেন্তে পৰীক্ষাত ভাল ফলাফল পাব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ কৰ্মৰত লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখি অতি আনন্দিত হ’ব ৷ ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায়ক আগবঢ়াই নিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰিব লাগিব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ আপোনাৰ খৰচ বেছি হ’ব ৷ ভ্ৰমণ, খোৱা-বোৱা আদিৰ ওপৰত খৰচ হ’ব ৷ বিনিয়োগৰ বাবে সময় শুভ ৷
কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এইটো এটা অতি শুভ সপ্তাহ হ’ব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন দেখা যাব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ যদি শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে তেওঁলোকে নিজৰ কঠিন পৰিশ্ৰমৰ জৰিয়তে সাফল্য লাভ কৰিব ৷ বতৰ সলনি হোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে ৷ চাকৰি কৰা লোকসকলে নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰি পদোন্নতি লাভ কৰিব ৷ আৰ্থিক স্থিতিৰ উন্নতি হ’ব৷ নতুন বাহন কিনিবৰ বাবেও ধন ব্যয় কৰিব পাৰে ৷ ঘৰৰ সাজ-সজ্জাৰ বাবেও অধিক খৰচ কৰিবলগীয়া হ’ব ৷ অবিবাহিতসকলৰ সম্পৰ্কৰ কথা চলিব পাৰে ৷ ঘৰত শুভ কাৰ্য্যৰ আয়োজন কৰা হ’ব ৷ মাতৃ, মামা, ককা আৰু আইতাৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনাৰ বাবে অতি শুভ হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন দেখা যা ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে সাফল্য লাভ কৰিব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ দৈনন্দিন জীৱনত যোগাভ্যাস আৰু ধ্যান অন্তৰ্ভুক্ত কৰাটো ভাল হ’ব ৷ এই সময়ত আপোনাৰ ব্যয়ো বেছি হ’ব ৷ আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজন অনুসৰি কিছু বজাৰ কৰিব ৷ নতুন বাহনো কিনিব পাৰে ৷ চৰকাৰী খণ্ডৰ পৰা আপুনি কিছু ডাঙৰ লাভ অৰ্জন কৰিব পাৰে ৷ এই সপ্তাহত আপুনি যিকোনো ধৰণৰ কাজিয়া বা আইনী কামত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকিব লাগিব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ চাকৰি কৰা লোকসকলে সময়মতে কাম সম্পূৰ্ণ কৰিব লাগিব ৷ ব্যৱসায়তো লাভ অৰ্জন কৰিব ৷
কন্যা ৰাশি:কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলক প্ৰেমাস্পদৰ সৈতে বেচ সুখী যেন দেখা যাব ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত ভ্ৰমণলৈ গৈ আনন্দ লোৱা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্রতিযোগিতাৰ প্রস্তুতিৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলে পঢ়া-শুনাতো সম্পূর্ণ মনোযোগ দিব৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল ৷ চাকৰি কৰা লোকসকলে নিজৰ দক্ষতা দেখুৱাবলৈ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ নতুন প্ৰযুক্তি গ্ৰহণ কৰিব ৷ আপোনাৰ আৰ্থিক স্থিতিও সুদৃঢ় হৈ থাকিব ৷ বিনিয়োগৰ বাবে সময় বিশেষ ভাল নহয় ৷ এই সপ্তাহত আপুনি যিকোনো ধৰণৰ লেনদেন অতি সাৱধানে কৰিব লাগিব ৷