অসম

assam

ETV Bharat / bharat

চিকিৎসকৰ প্ৰতিবাদত সেও মানিলে মমতা চৰকাৰে - Kolkata doctor rape and murder case - KOLKATA DOCTOR RAPE AND MURDER CASE

RG Kar hospital rape-murder case : কলকাতাকাণ্ডৰ পিচতে নিৰাপত্তা আৰু বিভিন্ন দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে চিকিৎসকসকলে । এমাহৰো অধিক সময় ধৰি চলি থকা এই প্ৰতিবাদৰ অন্তত পশ্চিমবংগ চৰকাৰে প্ৰতিবাদকাৰী চিকিৎসকৰ দাবী মানি ল'বলৈ সন্মত হৈছে । কলকাতাৰ আৰক্ষী আয়ুক্তৰ অপসাৰণকে ধৰি কেইবাটাও দাবী মানি লৈছে চৰকাৰে ।

Kolkata doctor rape and murder case
চিকিৎসকৰ প্ৰতিবাদত সেও মানিলে মমতা চৰকাৰে (ANI)

By ANI

Published : Sep 17, 2024, 8:54 AM IST

নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ :কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক দেশজুৰি এতিয়াও প্ৰতিবাদ অব্যাহত আছে । দেশৰ ভিন্ন প্ৰান্তত চিকিৎসকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ ঘোষণা ।

চিকিৎসকসকলৰ বেছিভাগ দাবী মানিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰীগৰাকী । প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে হোৱা বৈঠকৰ পিচত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দাবীসমূহৰ ভিতৰত কলকাতাৰ আৰক্ষী আয়ুক্ত বিনীত কুমাৰ গোৱেলক অপসাৰণ কৰা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলক অপসাৰণ কৰা অন্তৰ্ভুক্ত আছে ।

  • চিকিৎসকসৰ দাবী মানিবলৈ বাধ্য পশ্চিমবংগ চৰকাৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কনিষ্ঠ চিকিৎসকসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কলকাতাৰ আৰক্ষী আয়ুক্ত বিনীত কুমাৰ গোৱেলে বৈঠকত কয় যে তেওঁ পদত্যাগ কৰিবলৈ সাজু ।" তেওঁ কয় যে বিনীত গোৱেলে মঙলবাৰে আবেলি ৪ বজাত নতুন আৰক্ষী আয়ুক্তক দায়িত্ব হস্তান্তৰ কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে পশ্চিমবংগ চৰকাৰে কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা দাবীসমূহ মানি লোৱাৰ সিদ্ধান্ত লৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা মতে উত্তৰৰ জিলা আয়ুক্ত অভিষেক গুপ্তাক অপসাৰণ কৰা হ'ব । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "আমি কনিষ্ঠ চিকিৎসকসকলৰ কথা শুনিবলৈ চেষ্টা কৰিছো...আমি ডিচি (কলকাতা আৰক্ষী আয়ুক্ত) সলনি কৰাৰ সিদ্ধান্ত লৈছো... তেওঁ নিজেই পদত্যাগ কৰিবলৈ সন্মত হৈছে... স্বাস্থ্য বিভাগত তেওঁলোকে ৩ জন ব্যক্তিক অপসাৰণৰ দাবী জনাইছিল আৰু আমি ২ জনৰ বাবে সন্মত হৈছো । আমি ৯৯ শতাংশ সন্মত হৈছো, আমি আৰু কি কৰিব পাৰো ? আমি কনিষ্ঠ চিকিৎসকসকলক কামলৈ ঘূৰি আহিবলৈ অনুৰোধ জনাইছো যাতে সাধাৰণ নাগৰিকে কষ্ট নাপায়...।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "আমি তেওঁলোকৰ ৪ টা দাবীৰ ভিতৰত ৩ টা মানি লৈছো... ডিচি নৰ্থকো আঁতৰোৱা হ'ব আৰু কাইলৈ নতুন ডিচিৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব । ইয়াৰ উপৰিও, চিকিৎসকসকলৰ নিৰাপত্তাৰ প্ৰতিও সম্পূৰ্ণ গুৰুত্ব দিয়া হ'ব...।"

উল্লেখ্য যে, পশ্চিমবংগ জুনিয়ৰ ডক্টৰ্ছ ফ্ৰণ্ট এণ্ড ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েশ্যনে (আৰডিএ) কলকাতাৰ আৰক্ষী আয়ুক্তক অপসাৰণ কৰাৰ লগতে মমতা চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সকলো জ্যেষ্ঠ বিষয়াক পৰিৱৰ্তন কৰাৰ দাবীৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে ।

লগতে পঢ়ক :মঙলবাৰে পোহৰলৈ আহিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ ! - Delhi CM Arvind Kejriwal

ABOUT THE AUTHOR

...view details