নিউজ ডেস্ক, ১ আগষ্ট :মঙলবাৰে পুৱা কেৰালাৰ ৱায়নাড়ত দুটাকৈ বৃহৎ ভূমিস্খলনৰ ঘটনাৰ ফলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হয় । ইতিমধ্যে এই ঘটনাত মৃত্যুৰ সংখ্যা আঢ়ৈশৰ কাষ চাপিছে । ২৪৯ টা মৃতদেহ উদ্ধাৰৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে ২৪০ গৰাকী লোক । আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু প্ৰায় ২০০ লোক । ইফালে প্ৰায় ৩ হাজাৰ লোকক উদ্ধাৰ কৰা হৈছে । বৰ্তমান উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে । ৰাজনৈতিক নেতাসকলৰ মাজত বিভিন্ন পৰ্যায়ৰ আলোচনা চলি আছে আৰু অঞ্চলটোৰ বাবে আৰ্থিক সাহায্য সংগ্ৰহৰ কাম আৰম্ভ হৈছে ।
জানিব পৰা মতে, ৱায়নাড়ৰ প্ৰাক্তন সাংসদ তথা লোকসভাত বিৰোধী দলৰ সাংসদ ৰাহুল গান্ধীয়ে অভিশপ্ত অঞ্চলটো ভ্ৰমণ কৰিব । ইফালে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই দাবী খাৰিজ কৰিছে যে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক আগতীয়া সতৰ্কবাণী প্ৰেৰণ কৰিছিল ।
উল্লেখ্য যে প্ৰথমটো ভূমিস্খলন মুণ্ডাক্কাই চহৰত আৰু দ্বিতীয়টো চোৰালমালাত সংঘটিত হৈছিল । এই দুটা বৃহৎ ভূমিস্খলনৰ ফলত অঞ্চলটোত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয় । ঘৰ-দুৱাৰ আৰু ৰাস্তা ক্ষতিগ্ৰস্ত হয়, গছ-গছনি উভালি পৰে আৰু জলাশয়বোৰ ওফন্দি উঠে । ইয়াৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয় । অৱশ্যে তাৰ মাজতো সাহায্য আৰু উদ্ধাৰৰ প্ৰচেষ্টা বৰ্তমানো চলি আছে ।