নেশ্যনেল ডেস্ক,২০ মে':আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱাৰে পৰা দেশৰ ৬ খন ৰাজ্য আৰু ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইয়াৰ মাজতে সামাজিক মাধ্যমত কেইটামান ভয়ংকৰ ভিডিঅ' ভাইৰেল হৈছে । গণতন্ত্ৰক লজ্জিত কৰা এই ভিডিঅ' কেইটাই ৰাজনৈতিক মহলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে ।
সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই ভিডিঅ' শ্বেয়াৰ কৰিছে । য'ত দেখা গৈছে যে এজন যুৱকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ৮ বাৰকৈ ভোট দিছে । যুৱকজনে এবাৰ দুবাৰ নহয়, ৮ বাৰকৈ ইভিএমত থকা বিজেপিৰ পদুম ফুলৰ চিহ্নৰ সোঁফালে বুটামত টিপিছে । এই ভিডিঅ'ই এতিয়া বিৰোধী দলসমূহৰ ভিতৰচ'ৰাত তোলপাৰ লগাইছে ।
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ কৰ্তব্যত জড়িত সকলো বিষয়াকে বিশেষ আহ্বান জনাইছে । চৰকাৰী হেঁচাৰ সন্মুখীন হৈ সাংবিধানিক দায়বদ্ধতা পাহৰি নাযাবলৈ বিষয়াসকলক ৰাহুল গান্ধীয়ে আহ্বান জনাইছে । ইফালে ইণ্ডিয়া ব্লকে চৰকাৰ গঠন কৰাৰ পিচত সাংবিধানিক শপতক অপমান কৰা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সতৰ্কবাণী দিয়ে ।
এক্সৰ এটা পোষ্টত ৰাহুলে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় পৰাজয়ৰ মুখ দেখি বিজেপিয়ে চৰকাৰী যন্ত্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি গণতন্ত্ৰ লুণ্ঠন কৰিব বিচাৰিছে যাতে জনাদেশ অস্বীকাৰ কৰিব পাৰে ।