নেশ্যনেল ডেস্ক, ৭ আগষ্ট: যোৱা ৩১ জুলাইৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথলৈ যোৱা পথটোত ভূমিস্খলন হোৱাত বাতিল কৰা হৈছিল এই যাত্ৰা । আনকি বহু অংশত ১০০ মিটাৰলৈকে পথ পানীয়ে উটুৱাই নিয়াত যাতায়াতৰ বাবে তেনেই অনুপযোগী হৈ পৰে ।
ভূমিস্খলনত কেদাৰনাথ তীৰ্থস্থানৰ লগতে যাত্ৰাপথত বহুতো তীৰ্থযাত্ৰী আৱদ্ধ হৈ পৰে । তেতিয়াৰ পৰা যাত্ৰীসকলক বিগত ছয়দিন ধৰি উদ্ধাৰ কৰি থকা হয় । চৰকাৰে উদ্ধাৰৰ বাবে পাঁচখন হেলিকপ্টাৰ, এম আই-১৭ আৰু চিনুকৰ সহায় লৈছে । সেয়েহে দুৰ্যোগৰ বাবে কেদাৰনাথ যাত্ৰা বাতিল কৰা হয় । কিন্তু চৰকাৰে ৭ আগষ্টৰ পৰা অৰ্থাৎ বুধবাৰে কেদাৰনাথ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই কেদাৰনাথ যাত্ৰা সন্দৰ্ভত জাৰি কৰা ঘোষণাত যাত্ৰীৰ যাত্ৰা যাতে সুগম হয়, সেয়া নিশ্চিত কৰিছে চৰকাৰে । অৱশ্যে এই যাত্ৰা কেৱল হেলিকপ্টাৰেৰেহে কৰিব পাৰিব । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বুধবাৰে ৰুদ্ৰপ্ৰয়াগ ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত এই বিষয়ে সদৰী কৰি কয়, "আমি বিচাৰো যাত্ৰাটো যিমান সম্ভৱ সোনকালে আৰম্ভ হওক" ৷
হেলিকপ্টাৰ সেৱাত ৰেহাই:
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কেদাৰনাথ ভ্ৰমণ কৰা ভক্তসকলৰ বাবে কৰিছে আন এক বৃহৎ ঘোষণা ৷ মুখ্যমন্ত্ৰী ধামীয়ে কয়, "যিসকল ভক্ত কেদাৰনাথ ধামলৈ যাব বা যাবলৈ বিচাৰে, তেওঁলোকক হেলিকপ্টাৰৰ ভাড়াত ২৫ শতাংশ ৰেহাই দিয়া হ'ব । এই ২৫ শতাংশ ৰেহাইৰ ভাড়া ৰাজ্য চৰকাৰে বহন কৰিব । কেৱল এয়াই নহয়, অহা সপ্তাহত আমি ভক্তসকলক কেদাৰনাথ ধামলৈ খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত চেষ্টা কৰিম" ৷