অসম

assam

ETV Bharat / bharat

‘‘অসত্যৰ জয় হ’বই, অন্যায়ৰ জয় হোৱাটো নিশ্চিত’’- কিয় ক’লে মুখ্যমন্ত্ৰী আতিশীয়ে ?

Delhi CM speech viral: দিল্লীত দশেৰা উপলক্ষে প্ৰতীকী ৰাৱণ দাহ মুখ্য়মন্ত্ৰী আতিশীৰ ৷ তাৰ পিচতেই আতিশীয়ে ভাষণত কৰা এক মন্তব্য ভাইৰেল হৈ পৰিছে ৷

DELHI CM ATISHI
DELHI CM ATISHI VIRAL VIDEO (@AtishiAAP)

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 11:22 AM IST

নিউজ ডেস্ক, 13 অক্টোবৰ: ৰাজনৈতিক নেতাৰ বক্তব্যই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো খলকনিৰ সৃষ্টি কৰি আহিছে ৷ সেয়া লাগিলে কাৰোবাক উদ্দেশ্যি কৰা মন্তব্যই হওক বা তীব্ৰ প্ৰৰোচনাত্মক মন্তব্যই হওক, নিমিষতে ভাইৰেল হৈ পৰে বহু নেতাৰ বিভিন্ন মন্তব্য ৷ এইবাৰ চৰ্চালৈ আহিছে দিল্লীৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ এক মন্তব্য ৷ ভাষণৰ মাজতে আতিশীয়ে এনে এক উক্তি প্ৰকাশ কৰিলে যিয়ে সাধাৰণ ৰাইজৰ চকু কপালত তোলাৰ লগতে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে এই ভিডিঅ’ ৷

দেশৰ ৰাজধানী নগৰীত আয়োজিত দশেৰাৰ এক অনুষ্ঠানত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী আতিশী ৷ ইন্দ্ৰপ্ৰস্থ ৰামলীলা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত হৈ আতিশীয়ে কাঁড় মাৰি ৰাৱণৰ পুত্তলিকা দাহ কৰে ৷ তাৰ পিচতেই উপস্থিত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে আতিশীয়ে ৷ কিন্তু ভাষণৰ মাজতেই আতিশীয়ে উল্লেখ কৰা এক বক্তব্যই সকলোকে আচৰিত কৰি তোলে ৷

আতিশীয়ে ভাষণত কি ক’লে ?

দশেৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি আতিশীয়ে কয় যে ৰাৱণ দাহৰ এই পৰম্পৰাই আমাক সোঁৱৰাই দিয়ে যে অসত্য যিমানেই শক্তিশালী নহওক কিয় জয় সদায় শুদ্ধ পথত থকা জনৰে হয় ৷ ভগৱান ৰামচন্দ্ৰই আমাক শিকাই গৈছে যে সত্য আৰু মৰ্যাদাৰ পথৰ পৰা কেতিয়াও বিচলিত হ’ব নালাগে ৷ কেতিয়াও ভুল আৰু অসত্য পথেৰে চলিব নালাগে ৷ এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ তাৰ পিচতেই আতিশীয়ে যি কথা ক’লে সেয়া শুনি ৰাইজেও ভাবিবলৈ ধৰিলে, মুখ্যমন্ত্ৰীয়ে কি ক’লে ?

জিভা পিচল খালে...

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী আতিশীয়ে কয়, ‘‘অসত্যৰ জয় হ’বই, অন্যায়ৰ জয় হোৱাটো নিশ্চিত’’ ৷ লগে লগেই সভাস্থলীত থকা লোকৰ মাজত গুঞ্জন উঠে প্ৰতিক্ৰিয়াৰ ৷ অৱশ্যে আতিশীয়ে জিভা পিচল খাই কথাষাৰ য়ে ভুলকৈ উপস্থাপন কৰিলেও বৰ্তমানলৈকে এই সন্দৰ্ভত তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

ভিডিঅ’টো শ্বেয়াৰ কৰি ঠাট্টা-মস্কৰা বিজেপিৰ: দিল্লী বিজেপিৰ মিডিয়া বিভাগৰ মুৰব্বী প্ৰবীণ শংকৰ কাপুৰে ছ’চিয়েল মিডিয়াত আতিশীৰ এই বক্তব্য সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ মূৰ জোকাৰি সঁচা কথা কৈছে । এইবোৰ আতিশীৰ আচল চিন্তা । আজি দিল্লীৰ ক্ষমতা এনে অধাৰ্মিক লোকৰ হাতত, যাৰ চিন্তাধাৰাত মিছা আৰু অন্যায়ৰ বিজয় নিহিত হৈ আছে । হিন্দুৰ আৱেগৰ সৈতে খেলা-ধূলা কৰাৰ বাবে আম আদমী পাৰ্টিক ক্ষমা খোজাৰো তেওঁ দাবী জনায় । বিজেপিৰ আন আন নেতাসকলেও ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰিছে ৷

লগতে পঢ়ক:বুলেট প্ৰুফ বাহন, Y পৰ্যায়ৰ নিৰাপত্তায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ছিদ্দিকক; তদন্তত নামিব এনকাউণ্টাৰ স্পেচিলিষ্ট দয়া নায়ক

আততায়ীৰ গুলীয়ে বুকু ভেদিলে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত এইজন ৰাজনৈতিক নেতাৰ; হাস্পতালত মৃত্যু

ABOUT THE AUTHOR

...view details