অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে বৈঠকত মিলিত কেন্দ্ৰীয় কেবিনেট - Union Budget 2024 25 - UNION BUDGET 2024 25

Union Cabinet meets in Parliament : 11 বজাৰ লগে লগে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সপ্তমবাৰৰ বাবে দাখিল কৰে কেন্দ্ৰীয় বাজেট 2024-25 ৷ কেন্দ্ৰীয় বাজেট 2024-25 দাখিল কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে সংসদত এক বৈঠকত মিলিত হয় ।

Union Cabinet meets in Parliament ahead of Budget presentation
বাজেট দাখিলৰ পূৰ্বে সদন চৌহদত ৰাজনাথ সিং (ANI)

By ANI

Published : Jul 23, 2024, 11:48 AM IST

নেশ্যনেল ডেস্ক, 23 জুলাই:বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পূৰ্বে কেন্দ্ৰীয় বাজেট অনুমোদন কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে সংসদত এক বৈঠকত মিলিত হয় । কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰৰ পুৱা সংসদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সোমবাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক জৰীপে অৰ্থনীতিৰ প্ৰচলিত শক্তিসমূহৰ ওপৰত আলোকপাত কৰিছে আৰু চৰকাৰে ‘বিকশিত ভাৰত’ নিৰ্মাণৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে অধিক বৃদ্ধি আৰু অগ্ৰগতিৰ বাবে ক্ষেত্ৰসমূহ চিনাক্ত কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু প্ৰহ্লাদ যোশীকো আজি কেবিনেট বৈঠকৰ বাবে পূৰ্বে সংসদত উপস্থিত হোৱা দেখা গৈছিল । পুৱা 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে । সীতাৰমণে সংসদলৈ ৰাওনা হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত প্ৰথমখন কেন্দ্ৰীয় বাজেট প্ৰধানমন্ত্ৰীৰ "সবকা সাথ সবকা বিকাশ" শ্লোগানৰ আধাৰত নিৰ্মাণ হ'ব ।

মঙলবাৰে সংসদ চৌহদত সংবাদ মাধ্যমৰ আগত ভাষণ দি প্ৰহ্লাদ যোশীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি অৰ্থনৈতিক বিকাশ ঘটিছিল, এই বাজেটে এই গতিক আৰু অধিক ত্বৰান্বিত কৰিব । আজি নিৰ্মলা জীয়ে যি বাজেট দাখিল কৰিব, সেই বাজেটেও আমাৰ দেশক সহায় কৰিব, ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি ।"

22 জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশন আৰু নিৰ্ধাৰিত সময় অনুসৰি 12 আগষ্টত শেষ হ’ব ।

সোমবাৰে বিত্তমন্ত্ৰী সীতাৰমণে সংসদত দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে, "মধ্যমকালীনভাৱে ভাৰতীয় অৰ্থনীতি স্থায়ী ভিত্তিত 7 শতাংশ প্লাছ হাৰত বৃদ্ধি পাব পাৰে যদিহে আমি যোৱা দশকত গ্ৰহণ কৰা গাঁথনিগত সংস্কাৰৰ ভিত্তিত নিৰ্মাণ কৰো । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ প্ৰয়োজন ।"

সমীক্ষাটোত ভূ-অৰ্থনৈতিক বিভাজন, আত্মনিৰ্ভৰশীলতাৰ বাবে হেঁচা, আগন্তুক জলবায়ু পৰিৱৰ্তন, প্ৰযুক্তিৰ উত্থান, সীমিত নীতিৰ স্থান আদিৰ বাবে দেশখনে বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে বুলিও উল্লেখ আছে ।

লগতে পঢ়ক:শক্তিশালী স্থিতিত আছে ভাৰতীয় অৰ্থনীতি: অৰ্থনৈতিক জৰীপ 2023-24 - Monsoon Session of Parliament 2024

নাৰী সবলীকৰণ আৰু কল্যাণত 218.8% লৈ বাজেট বৃদ্ধি; অৰ্থনৈতিক সমীক্ষা 2024 - Union Budget 2024 25

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম কেন্দ্ৰীয় বাজেট: কাউণ্ট ডাউন আৰম্ভ - Union Budget 2024

ABOUT THE AUTHOR

...view details