নিউজ ডেস্ক, ৭ মে':মঙলবাৰে জম্মু-কাশ্মীৰৰ কুলগামৰ ৰেডৱানী পায়েন অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা সন্ত্ৰাস বিৰোধী অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হয় । কাশ্মীৰ মণ্ডল আৰক্ষীয়ে নিশ্চিত কৰিছে যে সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, "এতিয়ালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত ২ টা সন্ত্রাসবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে । পৰিচয় আৰু সংযোগ নিৰ্ণয় কৰা হৈছে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলি আছে । অধিক তথ্য পৰৱৰ্তী সময়ত জনোৱা হ'ব ।"
ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ কুলগামৰ ৰেডৱানী পায়েন অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় । কিন্তু নিৰাপত্তা বাহিনীৰ সৈতে গুলীচালনাত লিপ্ত হোৱা সন্ত্ৰাসবাদীয়েই পুঞ্চ আক্ৰমণৰ আঁৰত আছিল নেকি সেয়া আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই ।
যোৱা ৪ মে’ত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সীমান্তৰ সিপাৰৰ পৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে এটা কনভয়ক লক্ষ্য কৰি আক্ৰমণ চলাইছিল । এই আক্ৰমণত ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয় ।