নেশ্যনেল ডেস্ক, 22 এপ্ৰিল :ঝাৰখণ্ডৰ লাতেহাৰ জিলাত সংঘটিত হৈছে ত্ৰিপল মাৰ্ডাৰৰ ঘটনা । এজন উন্মাদ যুৱকে চোকা অস্ত্ৰৰে নিজৰ পৰিয়ালৰ তিনিজন সদস্যক ঘপিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে । নিহত লোককেইজনৰ ভিতৰত এগৰাকী অভিযুক্তৰ পিতৃ সুৰজ ওৰাওন, ভনীয়েক অনুপমা দেৱী আৰু আন এগৰাকী আত্মীয় মনছুৰিয়া দেৱী ।
এই ঘটনাত আন দুজন লোক আহত হৈছে । নৃশংস ঘটনাটো সংঘটিত হৈছে জিলাখনৰ সৰযু মণ্ডলৰ ডাবৰি গাঁৱত । স্থানীয় ৰাইজৰ মতে, দেওবাৰৰ গভীৰ নিশা মদ্যপান কৰি ঘৰলৈ আহিছিল ডাবৰি গাঁও নিবাসী তথা অভিযুক্ত ৰঞ্জন ওৰাওন । ইয়াৰ পাচতে কোনো এটা বিষয়ক লৈ ঘৰখনত সৃষ্টি হয় বিবাদৰ ৷
ইয়াৰ পাচতে ৰঞ্জন ওৰাওনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পিতৃ সুৰজ ওৰাওক । পৰৱৰ্তী সময়ত অভিযুক্তই নিজৰ ভনীয়েক অনুপমা দেৱী আৰু আত্মীয় মনছুৰিয়া দেৱীকো চোকা কুঠাৰেৰে ঘপিয়াই আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰে দুয়োগৰাকী ।
এই আক্ৰমণৰ সময়ছোৱাত অভিযুক্তই তেওঁৰ খুলশালীয়েক অমলেশ ওৰাওন আৰু তেওঁৰ পত্নী হীৰামণি দেৱীকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় দুয়োজন । জানিব পৰা মতে অভিযুক্তই ভনীয়েক অনুপমা দেৱীৰ ডিঙিটো কাটি দুচেও কৰিছে । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । লাতেহাৰৰ আৰক্ষী অধীক্ষক অঞ্জনী অঞ্জনে এই কথা নিশ্চিত কৰিছে ।