নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী :২৬ জানুৱাৰীৰ দিনটো সমগ্ৰ ভাৰততে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । এইবাৰৰ গণৰাজ্য দিৱস ছত্তীশগড়ৰ বস্তৰৰ বাবে অতি বিশেষ আছিল ৷ কাৰণ ইয়াৰ বহু অঞ্চলৰ লোকে গণৰাজ্য দিৱস উদযাপন কৰে ৷ যিসকলে আগতে কেতিয়াও গণৰাজ্য দিৱস পালন কৰা নাছিল । বিজাপুৰ আৰু সুকমা জিলাৰ ৯ টা ডাঙৰ নক্সাল ক্ষতিগ্ৰস্ত অঞ্চলত স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে নীলা আকাশত উৰিল ত্ৰিৰংগ পতাকা ।
নক্সাল অঞ্চলত প্ৰথমবাৰৰ বাবে উৰিল ত্ৰিৰংগ :
বিজাপুৰ জিলাৰ পালানাৰ, ডুমৰি পালানাৰ, চিন্তাভাগু, কাভাদাগাঁও আৰু সুকমা জিলাৰ মুলাৰ, পৰিয়া, চালাটং, মুখৰাজকোণ্ডা আৰু দুলেদ অন্তৰ্ভুক্ত কৰা হৈছে । যোৱা বছৰৰ ১৫ আগষ্টৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত এই অঞ্চলসমূহত ৯ টা নতুন নিৰাপত্তা শিবিৰ মুকলি কৰা হৈছিল । এই আটাইকেইটা শিবিৰৰ সমীপৰ গাঁৱত আৰক্ষী জোৱান আৰু গাঁৱৰ ৰাইজে গণৰাজ্য দিৱস উদযাপন কৰে ।
বস্তৰৰ IG সুন্দৰৰাজ পি.য়ে কয় যে বস্তৰ সংমণ্ডলৰ অধীনত অভ্যন্তৰীণ অঞ্চলৰ স্পৰ্শকাতৰ আৰু নক্সাল ক্ষতিগ্ৰস্ত অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ হেতুকে নক্সালৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আৰক্ষী বাহিনীয়ে শিবিৰ মুকলি কৰিছে । শিবিৰৰ সমীপত অৱস্থিত সকলো গাঁৱতে গণৰাজ্য দিৱস পালন কৰা হয় ।
পৰৱৰ্তী সময়ত গণৰাজ্য দিৱসৰ গুৰুত্ব আৰু গৌৰৱৰ বিষয়ে স্থানীয় গাঁওবাসীক অৱগত কৰে আৰক্ষী বিষয়া-জোৱানে । পতাকা উন্মোচনৰ পিচত শিশু আৰু গাঁৱৰ ৰাইজৰ বাবে মিঠাই, চকলেট আৰু খাদ্যৰ ব্যৱস্থাও কৰা হয় ।
উল্লেখ্য যে, কেৱল নক্সালবাদীৰ সৈতে যুঁজ দিয়াই নহয়, গাওঁবাসীৰ সৈতে যুঁজি থকা বস্তৰৰ নিৰাপত্তা আৰু শান্তি বজাই ৰাখিবলৈ DRG, Bastar Fighters, STF, CAF, CRPF, কোব্ৰা, SSB, ITBP, BSF আৰু স্থানীয় আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৷ লগতে চিভিক একচন প্ৰগ্ৰেমৰ অধীনতো বহু কাৰ্যসূচীৰ আয়োজন কৰি নিৰাপত্তা বাহিনীৰ ওপৰত স্থানীয় ৰাইজৰ আস্থা গঢ়ি তোলা হৈছে ।
লগতে পঢ়ক :প্ৰসংগ: বিহাৰৰ ৰাজনীতি; আজি বিয়লি ৪ বজাত পাটনাত বিজেপি বিধায়িনী দলৰ বৈঠক