অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ চাৰিজনেই হেৰুৱালে প্ৰাণ - tragic road accident

Bulandsahar road accident: উত্তৰ প্ৰদেশৰ বুলন্দচহৰত এক পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ চাৰিজন সদস্য নিহত হয় । আনহাতে তিনিজন লোক গুৰুতৰভাৱে আহত হয় । বুলন্দচহৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তেই ঘটিল এই ঘটনাটো ।

Bulandshahr road accident
উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:51 PM IST

নেশ্য়নেল ডেস্ক, ৮ মাৰ্চ :উত্তৰ প্ৰদেশৰ বুলন্দচহৰত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ চাৰিগৰাকী সদস্য়ৰ মৃত্য়ু হয় । শুকুৰবাৰে দিল্লী-কানপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত দ্ৰুতবেগী ৱাগেনাৰ এখনে খুন্দা মাৰে । ফলত বাহনখনত থকা এটা পৰিয়ালৰ দুগৰাকী মহিলাৰ লগতে এটি শিশু আৰু তেওঁৰ পিতৃৰ মৃ্ত্য়ু হয় । এই ঘটনাত আন তিনিজন লোক আহত হয় ।

আৰক্ষীৰ সত্ৰ অনুসৰি, দিল্লীৰ কোণ্ডলি অঞ্চলত বাস কৰা পৱন সিঙে তেওঁৰ পৰিয়ালৰ সৈতে জিলাখনৰ পাহাচু আৰক্ষী থানা অঞ্চলৰ নাৰাউ গাঁৱৰ শিৱৰাত্ৰিত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল । ইয়াৰ পিছত পৱনে শুক্ৰবাৰে পৰিয়ালটোৰ সৈতে এখন ৱাগেনাৰ বাহনত দিল্লীলৈ উভতি আহে । ইফালে, খুৰজা কোতৱালী অঞ্চলত অৱস্থিত বাৰাউলি কাটত ৰাস্তাৰ কাষত ৰখাই থোৱা ৱাগেনাৰখনে ট্ৰাকত খুন্দা মাৰে । ট্ৰাক চালকজনে ট্ৰাকখন ৰাস্তাৰ কাষত ৰখাই চাহ খাবলৈ গৈছিল । সেই সনয়তেই দুৰ্ঘটনাটো সংঘটিত হয় । পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ আহতসকলক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি এই ঘটনাত টোটাৰাম (৫৮) পুত্ৰ ৰাম সিং, প্ৰশী (৬) কন্যা পৱন, ববিতা (৫৫) পত্নী টোটাৰাম, চন্দ্ৰকলি (৭০) পত্নী ৰাম সিঙৰ দুৰ্ঘটনাটোত মৃত্যু হয় । আনহাতে, পৱন পুত্ৰ ৰাম সিং, কায়ঞ্চপুত্ৰ পৱন আৰু সুষমা গুৰুতৰভাৱে আহত হয় । পিচত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

উল্লেখ্য় যে খুৰজাত দুৰ্ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা তিনিদিনত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে। শুক্ৰবাৰে ৰাজপথত সংঘটিত এক দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হয় আৰু তিনিজন আহত হয় । বৃহস্পতিবাৰে, অৱসৰপ্ৰাপ্ত বেংক মেনেজাৰ অৰবিন্দ বৰ্ষনিৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। বুধবাৰে, সন্তোষ দেৱীৰ (৬০) দুৰ্ঘটনাটোত মৃত্যু হৈছিল ।

লগতে পঢ়ক:গুনাত বিমান দুৰ্ঘটনাগ্ৰস্ত, গুৰুতৰভাৱে আহত প্ৰশিক্ষাৰ্থী মহিলা পাইলট

ABOUT THE AUTHOR

...view details