নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল :দিল্লীত ৰাজনৈতিক উত্থান-পতন অব্যাহত আছে । কংগ্ৰেছৰ পৰা আম আদমি পাৰ্টীলৈকে ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে । ইয়াৰ মাজতে কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ পত্নী সুনীতা কেজৰিৱালক সাক্ষাৎ কৰিবলৈও অনুমতি দিয়া হোৱা নাই । আম আদমি পাৰ্টীয়ে অভিযোগ কৰা মতে তিহাৰ কাৰাগাৰ প্ৰশাসনে কেজৰিৱালক সাক্ষাৎ কৰিবলৈ তেওঁৰ পত্নীক অনুমতি দিয়া নাই ।
উল্লেখ্য যে, সুনীতা কেজৰিৱালে সোমবাৰে তিহাৰ কাৰাগাৰত স্বামী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাৰ কথা আছিল । কিন্তু এই সাক্ষাতৰ কাৰ্যসূচী বাতিল কৰা হৈছে । তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই এই সাক্ষাৎ বাতিল কৰিছে । কাৰাগাৰৰ নিয়ম অনুসৰি কেজৰিৱালক সপ্তাহত কোনো লোকে মাত্ৰ দুবাৰ কাৰাগাৰত সাক্ষাৎ কৰিব পাৰে ।
কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী কেজৰিৱালক সোমবাৰে মন্ত্ৰী আতিশীয়ে সাক্ষাৎ কৰিব আৰু মঙলবাৰে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সাক্ষাৎ কৰিব । সেয়ে এই সপ্তাহত সুনীতা কেজৰিৱালক তেওঁৰ স্বামীক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাই ।