নিউজ ডেস্ক, ৮ জুলাই:ঝাৰখণ্ডৰ গুমলা জিলাত সৰ্প দংশনৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয় । তিনিওজন সময়মতে চিকিৎসালয়ত উপস্থিত হোৱা হ’লে তেওঁলোকৰ প্ৰাণৰক্ষা কৰিব পৰা গ’লহেঁতেন । কিন্তু অন্ধবিশ্বাসত আবদ্ধ হৈ পৰা পৰিয়ালৰ লোকসকলে প্ৰথমে ভূত-প্ৰেত নিৰ্বাসনৰ জৰিয়তে চিকিৎসা লাভ কৰিবলৈ আৰম্ভ কৰে । যাৰ বাবে তেওঁলোকৰ সময়মতে চিকিৎসা কৰিব পৰা নগ’ল আৰু অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় তিনিওজনে ।
লগতে পঢ়ক:সৰ্প দংশনত আক্ৰান্ত কিশোৰৰ মৃত্যু : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - Snake bite Incident
ঝাৰখণ্ডৰ পালকোট ব্লক এলেকাৰ লটৱা ডুগডুগীত সংঘটিত হৈছে এই ঘটনা । নিহত কেইজন ক্ৰমে ৰাজেশ কিষাণ, পত্নী সুনীতা আৰু ভাতৃ মনোজ কিষাণ বুলি চিনাক্ত কৰা হৈছে । দেওবাৰে ৰথযাত্ৰাৰ সময়ত মেলা চাই ঘৰলৈ উভতি আহি নৈশ আহাৰ গ্ৰহণৰ পিচত ঘৰৰ সকলো মজিয়াতে শুই পৰে । গভীৰ নিশা বিষাক্ত ক্ৰেইট সাপে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি তিনিওকে দংশন কৰে ।