ETV Bharat / bharat

ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰে ৫ সদস্যসহ ৭ গৰাকীৰ মৃত্যু - MUMBAI FIRE INCIDENT

Fire breaks out: মুম্বাইৰ সিদ্ধাৰ্থ কলনীত ভয়ংকৰ অগ্নিকাণ্ড । ২ শিশুসহ এটা পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Fire incident
ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰে ৫ সদস্যৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : মহাৰাষ্ট্ৰৰ মুম্বাইৰ চেম্বুৰ ইষ্টৰ এ এন গায়কৱাড় মাৰ্গৰ সমীপৰ সিদ্ধাৰ্থ কলনীত ভয়ংকৰ অগ্নিকাণ্ড । বিএমচি দুৰ্যোগ নিয়ন্ত্ৰণে জনোৱা মতে মুম্বাইৰ চেম্বুৰ উপনগৰৰ এখন গেলামালৰ বিপণী তথা বাসগৃহত সংঘটিত অগ্নিকাণ্ডত ৭ আৰু ১০ বছৰীয়া শিশুসহ এটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ মৃত্যু হয় । মুঠ মৃতকৰ সংখ্যা ৭ গৰাকী ৷

ভুক্তভোগীসকল ক্ৰমে পেৰিছ গুপ্তা (৭), নৰেন্দ্ৰ গুপ্তা (১০), মঞ্জু প্ৰেম গুপ্তা (৩০), প্ৰেম গুপ্তা (৩০), অনিতা গুপ্তা (৩০), বিধি চেদিৰাম গুপ্তা (১৫) আৰু গীতাদেৱী ধৰমদেৱ গুপ্তা (৬০) বুলি চিনাক্ত কৰা হৈছে ।

শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত

পুৱা প্ৰায় ৫.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা । প্ৰাথমিক অনুসন্ধান অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈছিল । আৱাসিক অট্টালিকাটোৰ তলৰ মহলাত এখন বিপণী আছিল । বিএমচিয়ে জনোৱা মতে প্ৰথমে বিপণীখনত বৈদ্যুতিক ৱায়াৰিঙৰ পৰা জুইৰ সূত্ৰপাত হৈছিল আৰু পিছত আন ঘৰুৱা সঁজুলিলৈ জুই বিয়পি পৰে ।

ঘটনাৰ খবৰ পোৱাৰ পিচতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু লোকসকল উপস্থিত হৈ অগ্নি নিৰ্বাপণৰ চেষ্টা কৰে । ইফালে অগ্নিকাণ্ডৰ ভুক্তভোগী লোকসকলক চৰকাৰী ৰাজাৱাড়ী চিকিৎসালয়লৈ লৈ যোৱা হয় য'ত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয় ।

২ গৰাকী আহত

ইফালে অগ্নিকাণ্ডত আহত আন দুগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । স্থানীয় লোকে জনোৱা মতে তেওঁলোকে জুইত আৱদ্ধ গুপ্তা পৰিয়ালটোক ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাইছিল যদিও তেওঁলোকে সফল নহ'ল । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে ফৰেনচিকৰ দলে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব': লোকাৰণ্য মেৰিনা সমুদ্ৰতীৰ - Chennai Air Show

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.