ETV Bharat / state

আৰ্থিক সংকটৰ সংজ্ঞা বুজি নাপায় মুখ্যমন্ত্রী ড৹ শৰ্মাই ! - Assam CM on financial crisis

Himanta Biswa Sarma: অসম চৰকাৰৰ ঋণ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ । বিৰোধীক তীব্ৰ সমালোচনা ।

author img

By ETV Bharat Assamese Team

Published : 1 hours ago

Himanta Biswa Sarma
আৰ্থিক সংকটৰ সংজ্ঞাটো কি মই বুজি নাপাওঁ : মুখ্যমন্ত্রী (ETV Bharat)

গুৱাহাটী, ৬ অক্টোবৰ : "আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয়ৰ ধন পাই আছে, এক তাৰিখে দৰমহা পাই আছে, ফ্লাই অ'ভাৰ নিৰ্মাণ হৈ আছে, মথাউৰি নিৰ্মাণ হৈ আছে । গতিকে আৰ্থিক সংকটৰ সংজ্ঞাটো কি মই সেইটো বুজি নাপাওঁ । তেওঁলোকে মোক ইয়াৰ সূত্রটো বুজাই দিলেই হ'ল যে আৰ্থিক সংকট মানে কি বুজায় ।" এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

বিৰোধীয়ে অসম চৰকাৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি কৰা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "পূজা কমিটীয়েও কাইলৈ পইচা পাব, বিহু কমিটীয়েও পইচা পাই, ভাওনা কৰিলেও পইচা পায় । ক'ত আৰ্থিক সংকট আছে মোক দেখাই দিলেই হ'ল ।"

অসম চৰকাৰৰ ঋণ প্ৰসংগ :

ঋণ লোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰেই আটাইতকৈ কম ঋণ । ঋণ এনেকে ল'ব নোৱাৰি, মই বহুতবাৰ উত্তৰ দিছো । ঘৰুৱা আয় ৩.৫ শতাংশ হ’লে ঋণ ল'ব পাৰে । অসমে ঋণ লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলত । তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসম আছে । কংগ্ৰেছ শাসিত ৰাজ্যসমূহ ওপৰত আছে ।"

হিতাধিকাৰী প্ৰসংগ :

হিতাধিকাৰীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আপোনালোকে এই ছাত্রীসকলক যিমানে হিতাধিকাৰী বুলি ক'ব সিমানে মিডিয়াক বেয়া পাব । আপোনালোকৰ ভাষাত এতিয়া হিতাধিকাৰীৰ সংখ্যা এতিয়া বহুত বেছি হৈ গ'ল । অৰুণোদয় ৪০ লাখ, নিযুত মইনা ডেৰ-দুই লাখ, স্কুটি পোৱা ৬০ হাজাৰ, আয়ুষ্মান কাৰ্ডৰ ৬২ লাখ । আনহাতে এইবোৰ বন্ধ কৰিলে আপোনালোকেই লিখে নিদিয়া বুলি ।"

কংগ্ৰেছক সমালোচনা :

২০২৬ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কৰাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "তেওঁলোকে চৰকাৰ য'ত বনাই বনাই থাকক । বৰ্তমান ৰাইজৰ বাবে কৰিবলগীয়া মোৰ আৰু বহুত কাম আছে । আজি কংগ্ৰেছক সুধিব যে তেওঁলোকে যেতিয়া ২০০৮, ২০০৯, ২০১০ আৰু ২০১১ত মনমোহন সিঙে বিভিন্ন ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দি আছিল তেতিয়া কংগ্ৰেছে কিয় প্ৰতিবাদ নকৰিলে যে অসমীয়াক দিয়ক বুলি । কংগ্ৰেছৰ দিনত চৰাইদেউ মৈদাম কিয় বিশ্ব ঐতিহ্য ক্ষেত্র নহ'ল । কংগ্ৰেছৰ দিনত গামোচা বাহিৰৰ পৰা অহা কিয় বন্ধ নহ'ল । ইউনিভাৰ্ছেল হেল্থ বীমা কিয় নহ'ল । গতিকে বৰ্তমান কংগ্ৰেছৰ হাতত কোনো অস্ত্রও নাই আৰু ইচ্ছ্যুও নাই । পুৱা-গধূলি মোক অলপ গালি-গালাজ কৰি থকাৰ বাহিৰে একো নাই ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "দহ বছৰ চৰকাৰ হৈছে । কোনো ৰাজ্যত জিকে আৰু কোনো ৰাজ্যত হাৰে । প্ৰত্যেকটো নিৰ্বাচনত বিজেপি কেনেকৈ জয়ী হ'ব । দহ বছৰ পিছত কোনোবা ঠাইত পৰিৱৰ্তন হ'ব । কেইদিনমান আগত আমি ওড়িশা, মধ্যপ্ৰদেশ, ছত্তীশগড়ত জিকিলো । জিকাৰ প্ৰশ্ন বিলাকো কৰিব লাগে ।"

জলজীৱন মিছন প্ৰসংগ :

জলজীৱন মিছনৰ কাম বন্ধ হোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "জল জীৱনত এটা সমস্যা আছে । দিল্লীয়ে আমাক কিছুমান পৰামৰ্শ দিছে । কিন্তু কাইলৈ কিছু পইচা আহিব । আঁচনিখন দিল্লীৰ হয় আৰু দিল্লীয়ে ভাৰতৰ প্ৰেক্ষাপটতে কিছুমান নতুন চিন্তা কৰিছে । অসমকলৈ নহয় ।"

জেএমচিএইছ সেৱা মাচুল বৃদ্ধি প্ৰসংগ :

যোৰহাট মেডিকেল কলেজৰ সেৱা মাচুল বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "মই তেওঁলোকক মাচুল বৃদ্ধি নকৰিবলৈ কৈছো । মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰে নকৰে । এই সিদ্ধান্ত মেডিকেল কলেজে লয় । মই মেডিকেল কলেজক কৈছো যে ইমান বৃদ্ধি নকৰিব সৰ্বসাধাৰণ মানুহে দিব নোৱাৰিব । তেওঁলোকৰ যুক্তিটো হৈছে যে কাৰ্ডত বিনামূলীয়া হৈ যায় । কাৰ্ডতে সকলো সুবিধা পাই যদিও মই কৈছো যে অ'পিডিত ৰোগী থাকে যিয়ে কাৰ্ডৰ সুবিধা ল'ব নোৱাৰে । গতিকে ৰাইজৰ লগত আলোচনা কৰিহে মাচুল বৃদ্ধি কৰাৰ কথা কৈছো ।"

লগতে পঢ়ক :কংগ্ৰেছৰ এজনো লোক মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয়: মন্ত্ৰী যোগেন মহন - Minister Jogen Mohan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.