ETV Bharat / bharat

পাঞ্জাৱত আপ আৰু অকালি দলৰ সংঘাত; গুলীবিদ্ধ পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী - Punjab Pre Election Violence - PUNJAB PRE ELECTION VIOLENCE

Punjab Panchayat Elections: পাঞ্জাৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বিডিপিঅ' কাৰ্যালয়ৰ সন্মুখত আপ আৰু অকালি দলৰ কৰ্মীৰ সংঘৰ্ষ । গুলীচালনাত আহত কেইবাগৰাকী ।

Punjab Panchayat Elections
পাঞ্জাৱত আপ আৰু অকালি দলৰ সংঘাত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2024, 4:36 PM IST

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : পাঞ্জাৱত সমাগত পঞ্চায়ত নিৰ্বাচন । ১৫ অক্টোবৰত অনুষ্ঠিত হ'ব নিৰ্বাচন । কিন্তু তাৰ পূৰ্বে ৰাজ্যখনত প্ৰাক-নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে । মনোনয়ন দাখিল পৰ্বৰ মাজতে আম আদমি পাৰ্টী আৰু অকালি দলৰ মাজত ভয়ংকৰ সংঘাতৰ তথা পোহৰলৈ আহিছে । ফাজিলকাৰ জালালাবাদ সমষ্টিৰ খণ্ড উন্নয়ন আৰু পঞ্চায়ত কাৰ্যালয়ৰ বাহিৰত ইয়াক লৈ তীব্ৰ উত্তেজনা ।

ফাজিলকাত গুলীচালনা

উত্তেজনাৰ মাজতে গুলীচালনাৰ খবৰ পোৱা গৈছে । এই গুলীচালনাত আম আদমি পাৰ্টীৰ এগৰাকী স্থানীয় নেতা গুলীবিদ্ধ হৈছে । শিৰোমণি অকালি দলৰ নেতা ভাৰদেৱ সিং ননি মানৰ বিৰুদ্ধে গুলী চালনাৰ অভিযোগ উত্থাপন কৰিছে আপৰ নেতা-কৰ্মীসকলে । গুলীবিদ্ধ নেতাজন আম আদমি পাৰ্টীৰ সভাপতি পদৰ প্ৰাৰ্থী । নেতাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ফাজিলকাৰ জালালাবাদৰ খণ্ড উন্নয়ন আৰু পঞ্চায়ত কাৰ্যালয়ৰ বাহিৰত আপ নেতা মনদীপ সিং ব্ৰাৰ আৰু কিছু অকালি কৰ্মীৰ মাজত হোৱা তৰ্কৰ পিছতে এই ঘটনাটো সংঘটিত হয় । ঘটনাত আহত মনদীপ সিং ব্ৰাৰ মহম্মদ ৱালা গাঁৱৰ পৰা সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । জানিব পৰা মতে আপ নেতাজনে বুকুত আঘাত পাইছে । গুলীচালনাৰ পিছত, ব্ৰাৰক জালালাবাদৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু পিছত উন্নত চিকিৎসাৰ বাবে লুধিয়ানালৈ প্ৰেৰণ কৰা হয় ।

আপ আৰু অকালি দলৰ কৰ্মীৰ সংঘাত

জানিব পৰা মতে পঞ্চায়ত নিৰ্বাচনৰ বাবে দেওবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত দুয়োপক্ষই আপত্তি দৰ্শাইছিল । সেই সময়ত অকালি দলৰ নেতা ননি মান আৰু ববি মান তেওঁলোকৰ সমৰ্থকৰ সৈতে বিডিপিঅ' কাৰ্যালয়ত উপস্থিত হৈছিল আৰু এই সময়ত আম আদমি পাৰ্টীৰ কৰ্মীসকলো উপস্থিত আছিল । সেই সময়তে দুয়োপক্ষৰ মাজত সংঘাত হৈছিল । ইফালে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

আম আদমি পাৰ্টীৰ মুখপাত্ৰ নীল গাৰ্গে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিৰোধী দলবোৰে আম আদমি পাৰ্টীৰ বিৰুদ্ধে নিৰন্তৰ মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে ।

ইফালে ফাজিলকাৰ এছএছপি বিৰিন্দৰ সিং ব্ৰাৰ জালালাবাদৰ চৰকাৰী চিকিৎসালয়ত উপস্থিত হৈছে আৰু ঘটনাত ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে এগৰাকী চৰপঞ্চ পদৰ প্ৰাৰ্থী বুকুত গুৰুতৰভাৱে আঘাত পাইছে । আনজন লোকৰ হাতত গুলী লাগিছে । আৰক্ষীয়ে ঘটনাৰ অনুসন্ধানৰ বাবে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আছে বুলি আৰক্ষীয়ে অৱগত কৰিছে ।

লগতে পঢ়ক :আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ - Haryana Assembly elections 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.