নেশ্যনেল ডেস্ক, 20 জুন :বিহাৰৰ নৱাদাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ নৱাদাত, একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাৰ ৰহস্যজনকভাৱে ঘৰৰ কোঠাতে মৃত্যু হয় ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মৃত মহিলাসকলৰ ভিতৰত এগৰাকী চৰকাৰী শিক্ষকো আছিল । এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত জিলা প্ৰশাসন আৰু স্থানীয় আৰক্ষীয়ে বাহৰ পাতিছেহি ৷
নৱাদাত ৩ গৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু :বিহাৰৰকাউয়াকোল আৰক্ষী থানা অঞ্চলৰ ভলুৱাহী গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হৈছে । মৃতসকলৰ ভিতৰত এগৰাকী মাতৃ আৰু দুগৰাকী তেওঁৰ কন্যা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে এগৰাকী মৃত যুৱতী পেছাত শিক্ষক ৷ তেওঁক খণ্ডটোৰ কেৱালী পঞ্চায়তৰ উন্নীত মধ্য বিদ্যালয় কৰ্মাত নিযুক্তি দিয়া হৈছিল । ঘটনাটোৰ পিচত অঞ্চলটোত বিশৃংখল পৰিৱেশে বিৰাজ কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মৃতসকল হৈছে আমনা খাতুন (85 বছৰ), কন্যা চাবানা খান (55 বছৰ) আৰু আন এগৰাকী কন্যা মঞ্জু খাতুন (56 বছৰ) ৷ তেওঁলোকে ভলুৱাহী বজাৰত অৱস্থিত অৱসৰপ্ৰাপ্ত অভিযন্তা স্বৰ্গীয় নিয়াজ আহমেদৰ ঘৰত বাস কৰে ৷ তিনিওগৰাকী মহিলাৰ মৃতদেহ ঘৰৰ তিনিটা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে ।