ডিব্ৰুগড়, 19 জুন :ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ ৯ খালিস্তানী কাৰাবন্দীয়ে । কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিলে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙে । নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিচতো অমৃত পাল সিঙৰ শপতগ্ৰহণৰ দিন নিশ্চিত হোৱা নাই ।
উল্লেখ্য যে 2023 বৰ্ষৰ 23 এপ্ৰিলত পঞ্জাৱৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আনিছিল অমৃতপাল সিঙক । অমৃতপালসহ 9 জনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পৃথক পৃথক বিশেষ চেলত ৰখা হৈছে । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰত দিন পাৰ কৰা ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙক পাঞ্জাৱলৈ লৈ যোৱাৰ লগতে কাৰাগাৰৰ পৰা মুকলি কৰাৰ বাবে আইনী যুঁজ চলাই সফল হ'ব নোৱৰাৰ পিচতেই কাৰাবন্দী হৈ থকা অমৃতপাল সিঙে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
লগতে পঢ়ক:শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন
আশা কৰা হৈছিল সাংসদ হিচাপে নিৰ্বাচিত হ'লে মুকলি আকাশৰ তললৈ ওলাব পাৰিব । কিন্তু সাংসদ হিচাপে জয়লাভ কৰা পিচতো অমৃতপাল সিং কেতিয়া মুকলি আকাশৰ তললৈ আহিব সেয়া নিশ্চিত হোৱা নাই ৷ আনকি সাংসদ হিচাপে শপতগ্ৰহণ কৰিবলৈ অনুমতি লাভ কৰা নাই অমৃতপাল সিঙে ।